
আম্বালা (হাৰিয়ানা), ২৯ অক্টোবৰ (হি.স.)। দেশৰ তিনিটা সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ইয়াৰ আম্বালা বায়ুসেনা ষ্টেচনত উপস্থিত হৈছে। অতি সোনকালেই আই এ এফৰ অত্যাধুনিক যুঁজাৰু বিমান ৰাফেলত ছৰ্টী উৰুৱাব। এই উপলক্ষে ভাৰতীয় বায়ুসেনাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত হ’ব। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ লগে লগে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।
ৰাফেল যুদ্ধ বিমান উৰুৱাবলৈ আম্বালা বায়ুসেনা ষ্টেচনত উপস্থিত হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতিগৰাকীয়ে বায়ুসেনা ষ্টেচনতো পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে, মুৰ্মুৱে ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৮ এপ্ৰিলত অসমৰ তেজপুৰ বায়ুসেনা ষ্টেচনত এখন সুখয় ৩০ এম কে আই যুদ্ধ বিমান উৰুৱাইছিল। এই উপলক্ষে তেওঁ আই এ এফৰ পাইলটসকলৰ সৈতে নিজৰ অভিজ্ঞতা ভাগ কৰি বায়ুসেনাৰ দক্ষতা, অনুশাসন, আৰু নিষ্ঠাৰ প্ৰশংসা কৰে।
উল্লেখযোগ্য যে আম্বালা বায়ুসেনা ষ্টেচনটোৱেই হৈছে ৰাফেল স্ক্ৱাড্ৰন নিয়োগৰ প্ৰাথমিক ঘাটি। দেশৰ বিমান সুৰক্ষাৰ বাবে ইয়াক এক অতি গুৰুত্বপূৰ্ণ ঘাটি হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভ্ৰমণৰ সময়ত বায়ুসেনাৰ মুৰব্বীৰ উপৰিও অন্যান্য জ্যেষ্ঠ বিষয়াও উপস্থিত থাকিব। এই উৰণৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে ভাৰতীয় বায়ুসেনাৰ বীৰত্ব, কাৰিকৰী দক্ষতা, সামৰিক শক্তিক পুনৰবাৰ প্ৰণাম জনাব।
हिन्दुस्थान समाचार / অৰৱিন্দ