
শিৱসাগৰ, ২৯ অক্টোবৰ (হি.স.):পথৰ নিৰ্মাণ কাৰ্য্যই জ্বলা কলা খুৱাইছে এটা অঞ্চলৰ ৰাইজক । ধূলি ধোঁৱাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোত । পথ নিৰ্মাণ কাৰ্যৰো অনিয়মৰ অভিযোগ তুলিছে ৰাইজে ।
মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আচনিৰ জৰিয়তে পথ নিৰ্মাণৰ বাবে ১৮৭ কোটি টকা আৱন্টন দিয়া হৈছিল । বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে পথটো । শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা দিখৌমুখ তেলীয়াডোঙালৈকে বিস্তৃত প্ৰায় ঐতিহাসিক বৰআলি নিৰ্মাণত ঠিকাদাৰৰ অনিয়মৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ। পৰিকল্পনাবিহীনভাবে কাম কৰাৰ বাবেই ধূলি আৰু ধোঁৱাত বিপৰ্য্যস্ত দৈনন্দিন জীৱন । উশাহ লব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ । লগতে দেখা দিছে বিভিন্ন ৰোগ উপসৰ্গই । দৈনিক পানী নিদিয়াৰ ফলত সৃষ্টি হৈছে ধূলিময় পৰিবেশ । ইফালে পানী দিলেও অস্বাস্থ্যকৰ পানী চতিওৱাৰ অভিযোগ উঠিছে । আৱণ্টিত পূঁজিৰ পথ বহলীকৰণৰ বাবে দিয়া হৈছিল যদিও পথটো বহল নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । এইক্ষেত্ৰত বিভাগীয় অভিযন্তাৰে মিলি ঠিকাদাৰে বৃহৎ ধন আত্মসাৎ কৰাৰ ফন্দী পাতিছে বুলিও অভিযোগ উঠিছে। এই নিৰ্মাণ কাৰ্যক লৈ জিলা প্ৰশাসনক দৃষ্টি নিক্ষেপৰ দাবী জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ