খাৰুপেটীয়াৰত দৰং জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল
খাৰুপেটীয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দৰং জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল।
খাৰুপেটীয়াৰত দৰং জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল


দৰং, ২৯ অক্টোবৰ (হি.স.): প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্য়জনক মৃত্যুৰ ন্যায়ৰ দাবীত যোৱা কালি সন্ধিয়া দৰঙৰ খাৰুপেটীয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দৰং জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী সমদল বাহিৰ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা আকাশ দলেয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি আকাশ দলে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ হত্যাৰ ন্যায় দিব নোৱাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ৰাজপথত ন্যায়ৰ দাবী জনাই বাচিবলৈ খুজিছে বুলি তীব্ৰ ভাষাৰে মুখ্যমন্ত্ৰীক সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জনে।

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande