অহা ৩১ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগা আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী
নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ অক্টোবৰত নতুন দিল্লীৰ ৰোহিনীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ দিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি ভাৰত
PM Modi inaugurates Semicon India 2025 at Yashoobhoomi ,New Delhi on September 2,2025.


নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ অক্টোবৰত নতুন দিল্লীৰ ৰোহিনীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ দিব।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি ভাৰত আৰু বিদেশৰ পৰা আৰ্য সমাজৰ বিভিন্ন শাখাৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত ১৫০ গোল্ডেন ইয়াৰ্চ অফ চাৰ্ভিচৰ শীৰ্ষক প্ৰদৰ্শনীৰো আয়োজন কৰা হ'ব, য'ত আৰ্য্য সমাজৰ শিক্ষা, সমাজ সংস্কাৰ, আৰু আধ্যাত্মিক প্ৰগতিৰ অৱদান প্ৰদৰ্শিত হ'ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে যে এই সন্মিলনৰ লক্ষ্য হৈছে মহৰ্ষি দয়ানন্দ সৰস্বতীৰ সংস্কাৰবাদী আৰু শৈক্ষিক উত্তৰাধিকাৰক সন্মান জনোৱা। ইয়াৰ উপৰিও আৰ্য সমাজৰ ১৫০ বছৰীয়া সেৱাৰ উদযাপন আৰু বৈদিক নীতি আৰু থলুৱা মূল্যবোধৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে।

উল্লেখযোগ্য যে এই সন্মিলনখন জ্ঞান জ্যোতি মহোৎসৱৰ অংশ। এই মহোৎসৱ মহৰ্ষী দয়ানন্দ সৰস্বতীৰ ২০০ বছৰীয়া জন্ম জয়ন্তী আৰু আৰ্য সমাজৰ ১৫০ বছৰীয়া সমাজসেৱা সম্পূৰ্ণ হোৱাৰ স্মৃতিত আয়োজন কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande