আজি মুম্বাইত সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন
নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। আজি দেশৰ বিত্তীয় ৰাজধানী মুম্বাই ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৪ বজাত তেওঁ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ মূল অংশীদাৰসকলৰ এক গুৰুত্বপূৰ্ণ সন্মিলনত ভাষণ দিব। যোৱা কালি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকা
भाजपा ने प्रधानमंत्री नरेन्द्र मोदी के आज के मुंबई कार्यक्रम का विवरण अपने एक्स हैंडल पर साझा किया है।


নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। আজি দেশৰ বিত্তীয় ৰাজধানী মুম্বাই ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৪ বজাত তেওঁ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ মূল অংশীদাৰসকলৰ এক গুৰুত্বপূৰ্ণ সন্মিলনত ভাষণ দিব। যোৱা কালি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত এই তথ্য প্ৰদান কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিয়েও আজি প্ৰধানমন্ত্ৰী মোডীৰ মুম্বাই কাৰ্যসূচীৰ সবিশেষ এক্স হেণ্ডেলত শ্বেয়াৰ কৰে।

পিএমঅ’ৰ বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডিয়া মেৰিটাইম উইক (আইএমডব্লিউ)ৰ ফ্লেগশ্বিপ ইভেণ্ট “গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰাম”ৰ অধ্যক্ষতাও কৰিব। এই মঞ্চই বিশ্বৰ সামুদ্ৰিক কোম্পানী, আগশাৰীৰ বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক, উদ্ভাৱক, আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ বাবে বিশ্বৰ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ ভৱিষ্যতৰ বিষয়ে চৰ্চা কৰিবলৈ এক মঞ্চ প্ৰদান কৰে।

বিবৃতিটোৰ মতে, এই মঞ্চখনে বহনক্ষম সামুদ্ৰিক উন্নয়ন, স্থিতিস্থাপক যোগান শৃংখল, সেউজ জাহাজ চলোৱা, আৰু অন্তৰ্ভুক্ত নীলা অৰ্থনীতিৰ কৌশলৰ ওপৰত আলোচনাৰ বাবে এক মূল মঞ্চ হিচাপে কাম কৰিব। ইয়াত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে সামুদ্ৰিক অমৃত কাল দৃষ্টিভংগী ২০৪৭ৰ সৈতে সংগতি ৰাখি অভিলাষী, আগন্তুক সামুদ্ৰিক পৰিৱৰ্তনৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। ইয়াত কোৱা হৈছে যে চাৰিটা কৌশলগত স্তম্ভ – বন্দৰ নেতৃত্বাধীন উন্নয়ন, জাহাজ আৰু জাহাজ নিৰ্মাণ, নিৰৱচ্ছিন্ন যোগান শৃংখল আৰু সামুদ্ৰিক দক্ষতা নিৰ্মাণৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এই দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ অন্যতম আগশাৰীৰ সামুদ্ৰিক শক্তি হিচাপে গঢ়ি তোলা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande