
কোকৰাঝাৰ, ২৯ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মোনাকোষাত বিভিন্ন পূজাৰ সুযোগ লৈ মুকলি জুৱা বেহা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ফকিৰাগ্ৰাম আৰক্ষী নাকৰ তলেৰে মুক্ত ভাবে ঝাণ্ডী মুণ্ডাৰ এই বেহাক লৈ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে সাধাৰণ ৰাইজ সকলে।
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মোনাকোষা পথৰ কাষত মুক্ত মনে চলাইছে এই মুকলি বেহা। আনহাতে মুক্তভাৱে এই জুৱা অনুষ্ঠিত কৰা পিছতো ফকিৰাগ্ৰাম আৰক্ষী চকী নিৰ্বিকাৰ ভুমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। এনেদৰে মুক্তভাৱে জুৱা অনুষ্ঠিত কৰিবলৈ আৰক্ষীৰ লোকেই সুযোগ বা সুবিধা দিছে বুলিও অভিযোগ উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ