বিশ্বৰ বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াৰ বজাৰৰ উত্থান
নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। বিশ্বৰ মূলধনীজাত বজাৰসমূহে আজি মিশ্ৰিত সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনত লাভৰ সৈতে বন্ধ হৈছিল আমেৰিকাৰ বজাৰ। অৱশ্যে ডাউ জ’নছৰ ফ্যুচাৰ বৰ্তমান দুৰ্বলতাৰে ব্যৱসায় চলি আছে। ইউৰোপৰ বজাৰত পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায়
ग्लोबल मार्केट से मिले-जुले संकेत


নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। বিশ্বৰ মূলধনীজাত বজাৰসমূহে আজি মিশ্ৰিত সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনত লাভৰ সৈতে বন্ধ হৈছিল আমেৰিকাৰ বজাৰ। অৱশ্যে ডাউ জ’নছৰ ফ্যুচাৰ বৰ্তমান দুৰ্বলতাৰে ব্যৱসায় চলি আছে। ইউৰোপৰ বজাৰত পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল, আনহাতে এছিয়াৰ বজাৰত আজি সাধাৰণতে উৰ্ধমুখী হৈ আছে।

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰৰ সিদ্ধান্তৰ পূৰ্বে পূৰ্বৰ অধিবেশনত ৱাল ষ্ট্ৰীটৰ সূচকাংক শক্তিশালী হৈ আছে। ০.২৩ শতাংশ বৃদ্ধিৰে ৬,৮৯০.৮৯ পইণ্টত বন্ধ হয় এছ এণ্ড পি ৫০০। একেদৰে নাছডাক ১৯০.০৪ পইণ্ট বা ০.৮০ শতাংশ বৃদ্ধি পাই পূৰ্বৰ অধিবেশন ২৩,৮২৭.৪৯ পইণ্টত সমাপ্ত হয়। ইফালে, ডাউ জ’নছ ফিউচাৰ্ছৰ মূল্য বৰ্তমান ০.০৪ শতাংশ হ্ৰাস পাই ৪৭,৬৮৫.৬০ পইণ্টত ব্যৱসায় কৰিছে।

পূৰ্বৰ অধিবেশনত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। এফ টি এছ ই সূচকাংক ০.৪৪ শতাংশ বৃদ্ধি পাই ৯,৬৯৬.৭৪ত বন্ধ হয়। ইয়াৰ বিপৰীতে চিএচি সূচকাংক ০.২৮ শতাংশ হ্ৰাস পাই ৮,২১৬.৫৮ত বন্ধ হয়। ডিএএক্স সূচকাংকও ০.১২ শতাংশ হ্ৰাস পাই ২৪,২৭৮.৬৩ত বন্ধ হয়।

এছিয়াৰ বজাৰসমূহ আজি সাধাৰণতে সৱল হোৱা দেখা গৈছে। এছিয়াৰ ৯টা বজাৰ সূচকাংকৰ ভিতৰত ছটাত সেউজীয়া ৰঙত শক্তিশালী ব্যৱসায় চলি থকাৰ বিপৰীতে দুটাত ৰঙা ৰঙত কম ব্যৱসায় চলি আছে। হংকং ষ্টক এক্সচেঞ্জত ছুটীৰ বাবে হেং চেং সূচকাংক অপৰিৱৰ্তিত হৈ আছে। বৰ্তমান ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.৩২ শতাংশ হ্ৰাস পাই ৪,৪৩৬.১৯ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে জাকাৰ্টা কম্পোজিট ইনডেক্স ০.১৭ শতাংশ হ্ৰাস পাই ৮,০৭৮.৭৮ পইণ্টত উপনীত হৈছে।

আনহাতে, গিফ্ট নিফটি ০.২৮ শতাংশ বৃদ্ধিৰে ২৬,১৬২.৫০ পইণ্টত ব্যৱসায় কৰিছে । ছেট কম্পোজিট ইনডেক্স ০.২৩ শতাংশ বৃদ্ধি পাই ১৩১৭.৩৩ পইণ্টত উপনীত হৈছে। আজি নিক্কেই সূচকাংকত যথেষ্ট জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ৯৯৫.৮২ পইণ্ট বা ১.৯৮ শতাংশ জঁপিয়াই ৫১,২১৫ পইণ্টত উপনীত হৈছে।

একেদৰে টাইৱান ওজনযুক্ত সূচকাংক ২৮,৩৭৯.৬৯ পইণ্টত ব্যৱসায় কৰি আছে, যিটো ৪৩০.৫৮ পইণ্ট বা ১.৫৪ শতাংশ বৃদ্ধি পাইছে। কোস্পি সূচকাংক ১.২৫ শতাংশ বৃদ্ধি পাই ৪,০৬০.৩৫ত উপনীত হোৱাৰ বিপৰীতে চাংহাই কম্পোজিট সূচকাংক ০.৩৭ শতাংশ বৃদ্ধি পাই ৪,০০২.৮৩ত উপনীত হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande