
কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। কামৰূপ জিলাৰ পাচগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ভূমিকম্প আৰু অগ্নিনিৰ্বাপন সন্দৰ্ভত লৱ লগীয়া সাৱধানতাৰ এক অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত শিক্ষা বিভাগ আৰু কামৰূপ জিলা দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত পাচগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰেট অসম স্কুল শ্বেক আউট প্ৰগ্রেম অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।
পাচগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত দুৰ্যোগকালীন সময়ত, লবলগা ব্যৱস্থাৱলীৰ বিষয়ে হাতে কামে জ্ঞান আৰু প্ৰশিক্ষণ দিয়া হয় । বিশেষকৈ ভুমিকম্পৰ সময়ত জৰুৰীভাৱে লবলগা সাৱধনতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয় । এই সজাগতা অনুশীলন কাৰ্য্যসূচীত কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অতিৰিক্ত জিলা আয়ুক্ত সুজাতা গগৈ, কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া, ৰাজীৱ চৌধুৰী, হাজো ৰাজহ চক্ৰ বিষয়া শৰ্মিষ্ঠা নেউগ, হাজো ৰাজহ চক্ৰৰ ক্ষেত্ৰ পৰিদৰ্শক নিতুল ইছলামকে ধৰি বিভাগৰ কেবাগৰাকীও লোকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ