
বঙাইগাঁও, ২৯ অক্টোবৰ (হি.স.)। বঙাইগাঁওৰ নিত্যবজাৰৰ পৰা ২৫ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা যুৱকৰ সন্ধান লাভ।হয় 25 বছৰ পূৰ্বে নিৰুদেশ হোৱা ঘৰৰ লৰাক ঘৰত পাই আনন্দত আত্মহাৰা'হৈ পৰিছে পৰিয়ালৰ লগতে গাওঁ বাসী। নিৰুদ্দেশ হোৱা যুৱক জনক চাব'লৈ গাওঁবাসীৰ হেতাওঁ পঢ়া।যুৱকজনৰ নাম হৈছে আজিজুল বেপাৰী। জানিব পৰা অনুসৰি(২০০০) দুই হাজাৰ চনত নিৰুদ্দেশ হোৱা আজিজুল বেপাৰী অৱশেষত উভতি আহিল নিজ বাসগৃহত।
১০ বছৰ বয়সতে গোপনে বঙাইগাঁও জিলাৰ নৃত্য বজাৰৰ পৰা এটা দালাল চক্ৰৈ কামৰ প্ৰলোভন দি,লৈ গৈছিল হাৰিয়ানাত।লৈ যোৱা দালাল চক্ৰটোৱে সেই যুৱক জনক গোপনে বিক্ৰী কৰিছিল এটা পাঞ্জাবী পৰিয়ালৰ ওচৰত। বঙাইগাঁও জিলাৰ কায়েথপাৰা প্ৰথম খণ্ড গাঁওৰ নুৰুদ্দিন বেপাৰীৰ পুত্ৰ আজিজুল বেপাৰী দীৰ্ঘ ২৫ বছৰ পিছত উভতি আহিল নিজৰ ওপজা গাওলৈ। যুৱক জনে তাত তিনি চাৰি বছৰ থকাৰ পিছত কষ্ট সহিব নোৱাৰি তাৰ পৰা পলায়ন কৰে । আৰু পলাই যোৱাৰ পথত লগ হয় এজন ব্যক্তিৰ, সেই ব্যক্তিজনে গোৱা লৈ লৈ যায় আৰু নিজৰ সন্তান হিচাপে আশ্ৰয় দিয়ে। আৰু বাকী ২০ বছৰৰ সময়খিনি গোৱাতে কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছিল।
যোৱা এমাহ আগত বঙাইগাঁও জিলা ধনতোলা অঞ্চলৰ এজন যুৱকৰ সৈতে ৰং নম্বৰত কথা পাতি থাকোতে নিজৰ গাঁওৰ নাম আৰু দেউতাকৰ পৰিচয় দিয়াত পৰিয়ালৰ লোকে সন্ধান পাইছিল। আৰু সেই অনুসৰি আজি গোৱা ৰাজ্যৰ পৰা পোনে পোনে নিজ ঘৰলৈ আহে।উল্লেখ্য যে আজিজুল বেপাৰীয়ে তেতিয়া নাজানিছিল তেওঁৰ ঘৰ অসমৰ বঙাইগাঁও জিলাত ,তেওঁৰ মাত্ৰ মনত আছিল নিজৰ গাঁওৰ খনৰ নাম আৰু আশে-পাশে থকা দুই এটা গাঁওৰ নাম আৰু সৰু কালত পঢ়ি থকা এল পি স্কুলৰ নাম তাৰ বাহিৰে একো মনত নাছিল। আৰু আজি ২৫ বছৰ আগত নিৰুদ্দেশ হোৱা যুৱক আজিজুল বেপাৰীক ঘৰত দেখা পাই পৰিয়ালৰ লগতে গাওঁবাসী আনন্দত আত্মহাৰা হৈ পৰা দেখা যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ