তামুলপুৰৰ শান্তিপুৰ আঙাৰকাটা অঞ্চলত বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণ
তামুলপুৰ, ২৯ অক্টোবৰ (হি.স.)। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে এতিয়া ভাৰত ভূটান সীমান্তৰ ৰাইজক ত্ৰাহি মধুসূদন দেখাইছে ৷ দিন ৰাতি একাকাৰ কৰি চৌদিশে হাতীৰ জাকৰ বিচৰণ পৰিলক্ষিত হৈছে ৷ কেতিয়াবা একেলগে কেতিয়াবা পৃথক বিচৰণ কৰি আহিছে হ
তামুলপুৰৰ শান্তিপুৰ আঙাৰকাটা অঞ্চলত বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণ


তামুলপুৰ, ২৯ অক্টোবৰ (হি.স.)। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে এতিয়া ভাৰত ভূটান সীমান্তৰ ৰাইজক ত্ৰাহি মধুসূদন দেখাইছে ৷ দিন ৰাতি একাকাৰ কৰি চৌদিশে হাতীৰ জাকৰ বিচৰণ পৰিলক্ষিত হৈছে ৷ কেতিয়াবা একেলগে কেতিয়াবা পৃথক বিচৰণ কৰি আহিছে হাতীৰ জাকে ৷ কেতিয়াবা বগাজুলি বনাঞ্চলত কেতিয়াবা বৰনদীৰ পাৰত নাগ্ৰীজুলি চাহ বাগানত আশ্ৰয় লৈ সন্ধিয়া হ’লে জনাঞ্চলত প্ৰৱেশ কৰি এতিয়া এক কথাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷

আনহাতে পাগলাদিয়াৰ বুকুৱেদি কেতিয়াবা নলবাৰীলৈ খোজ লয় যদিও জৰতালুকত ফেন্সিং দি প্ৰতিৰোধ কৰিছে বনবিভাগে ৷ তথাপি নদীৰ বুকুৱেদি পোনাব খোজে নলবাৰী অভিমুখে ৷ এই ক্ষেত্ৰত বনবিভাগ নিৰুপায় হৈ পৰিছে ৷ আওপুৰণি পদ্ধতিৰে হাতী খেদি ভাগৰি পৰিছে বিভাগৰ কৰ্মচাৰী সকল ৷ সম্প্ৰতি পথাৰত ধান থকাত খেতিয়ক সকলো চিন্তিত হৈ পৰিছে ৷ তথাপি ৰাইজ বনবিভাগে হাতী খেদাত তৎপৰ যদিও পোৱালি সহ বৃহৎ জাকে আজি পুৱাই শান্তিপুৰ আঙাৰকাটা অঞ্চলত মুক্ত বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande