তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ চতুৰ্থ মৃত্যুবাৰ্ষিকীত বিশিষ্টজনৰ শ্ৰদ্ধাঞ্জলি
–লেখক -গৱেষক -সাংবাদিক মনজিৎ ৰাজকোঁৱৰক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান –শিশু সাহিত্যৰ অনুবাদ : প্ৰাসংগিকতা আৰু প্ৰত্যাহ্বান শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন –এজন বয়স্ক লোকেও বুকুত এগৰাকী শিশুক কঢ়িয়াই লৈ ফুৰে --ড০ জয়ন্ত মাধৱ তাম
লেখক -গৱেষক -সাংবাদিক মনজিৎ ৰাজকোঁৱৰক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান


লেখক -গৱেষক -সাংবাদিক মনজিৎ ৰাজকোঁৱৰক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান


লেখক -গৱেষক -সাংবাদিক মনজিৎ ৰাজকোঁৱৰক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান


–লেখক -গৱেষক -সাংবাদিক মনজিৎ ৰাজকোঁৱৰক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান

–শিশু সাহিত্যৰ অনুবাদ : প্ৰাসংগিকতা আৰু প্ৰত্যাহ্বান শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন

–এজন বয়স্ক লোকেও বুকুত এগৰাকী শিশুক কঢ়িয়াই লৈ ফুৰে --ড০ জয়ন্ত মাধৱ তামুলী

–আধুনিক সংগীতৰ সোণসেৰীয়া যাত্ৰা তেজপুৰৰ পৰাই আৰম্ভ হৈছিল --মনজিৎ ৰাজকোঁৱৰ

–এগৰাকী দক্ষ অভিনেতা আছিল হেমন্ত কুমাৰ বৰুৱা --ডা০ জাহানাৰা বেগম

–খুহুতীয়া কথাৰ ভঁৰাল আছিল হেমন্ত --বংকিম শৰ্মা

শোণিতপুৰ, ২৯ অক্টোবৰ (হি.স.)। কৰোনা কেন্দ্ৰীক দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতে ২০২১ চনৰ ২৯ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতে কোভিড ৰোগত আক্ৰান্ত হৈ অকালতে কায়িক ভাবে আঁতৰি যোৱা তেজপুৰবাসীৰ অতি চেনেহৰ,বহুমূখী প্ৰতিভাধৰ, শিক্ষাবিদ, অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ আজি চতুৰ্থ মৃত্যুবাৰ্ষিকীৰ দিনটোত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যখনৰ নৱপ্ৰজন্মৰ গৱেষক, লেখক, অসমীয়া সংগীত আৰু গীতি সাহিত্যৰ ইতিহাস সংৰক্ষক তথা সাংবাদিক মনজিৎ ৰাজকোঁৱৰক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান কৰাৰ লগতে হেমন্ত কুমাৰ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন হয় ।

হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু পৰিয়ালৰ লগতে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সহযোগত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠান। হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱা আৰু একমাত্ৰ দুহিতা অংকিতা বৰুৱাৰ দ্বাৰা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে কন্ঠশিল্পী হীৰা মণি লহকৰে এটি বৰগীত পৰিৱেশন কৰে। হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সংকলন উপসমিতিৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ পৌৰোহিত্যত তেজপুৰৰ বিদ্বৎ সমাজ উপস্থিত থকা অনুষ্ঠানটিত স্মৃতি ৰক্ষা সমিতিৰ যুটীয়া সম্পাদক ভূপেন বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতেই অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলৰ লগতে হেমন্ত কুমাৰ বৰুৱাৰ পৰিয়াল বৰ্গ স্মৃতি ৰক্ষা সমিতিৰ বিষয়ববীয়াৰ হৈ বিশিষ্ট শিক্ষাবিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য, ড০ ৰমেশ চন্দ্ৰ গোস্বামী আৰু ড০ ভুৱনেশ্বৰ চহৰীয়াৰ লগতে সহধৰ্মিণী হিমাদ্ৰী বৰুৱাই চেলেং, গামোচা, গ্ৰন্থৰ টোপোলা, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে মনজিৎ ৰাজকোঁৱৰক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান কৰে। হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উপদেষ্টা ড০ ভূপেন শইকীয়া, দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়া, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি নাৰায়ণ নাথে বিশেষ আসন শুৱনি কৰা অনুষ্ঠানটিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী ডা০ জাহানাৰা বেগমে হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতিচাৰণ কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা গৱেষক ড০ জয়ন্ত মাধৱ তামুলীয়ে শিশু সাহিত্য আৰু অনুবাদ -প্ৰাসংগিকতা আৰু প্ৰত্যাহ্বান শীৰ্ষক বিষয়ত মনোজ্ঞ বক্তৃতা প্ৰদান কৰে।

ড০ তামুলীয়ে নিৰ্দিষ্ট বিষয়ৰ ওপৰত সাৱলীল ভাৱে আলোকপাত কৰি কয় -আটাইতকৈ বয়স্ক তথা আত্ম সচেতন এজন মানুহেও বুকুত এগৰাকী শিশুক কঢ়িয়াই লৈ ফুৰে । শিশু সাহিত্য ৰচনা কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে লেখকে শিশুৰ মনস্তত্বৰ প্ৰতি সচেতন হৈ লিখিবলগীয়া হয়, যিটো আন সাহিত্য ৰচনাৰ ক্ষেত্ৰত নেথাকে । হৰ্ষ-বিষাদ আদি চিত্তায়িত কৰাৰ ক্ষেত্ৰত সদায়েই এটি সীমাৰেখা মানি চলিবলগীয়া হোৱাটোৱেই শিশু সাহিত্যিকক অন্তৰ্নিহিত ভাৱে জটিল কৰি তোলে । শিশুৰ অৱচেতন মনটোক স্পৰ্শ কৰিবলৈ যোৱাটো সহজ কথা নহয় । কল্পনাৰ অবাধ স্বাধীনতাৰ মাজতো এটি সীমাৰেখা সদায় শিশু সাহিত্যৰ ক্ষেত্ৰত মূৰ্তমান হৈ থাকে ।কল্পনাৰ স্বাধীনতাৰ মাজত অবাস্তৱতাৰ বৰ্ণনাই শিশুৰ মনস্তত্বক বিপৰ্যস্ত কৰিব পাৰে । তেনে দৃষ্টিৰে তেজিমলা বা চম্পাৱতীৰ দৰে সাধুকথাই শিশুৰ মনক কিদৰে প্ৰভাবিত কৰিব পাৰে সেই সৰ্ম্পকে স্পষ্টকৈ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে । শিশু সাহিত্য পাঠ আৰু ব্যাখ্যাৰ মাজৰ মানুহজন যদি আমি নিজেই হ'ব পাৰোঁ তেন্তে শিশু সাহিত্যৰ প্ৰসাৰ আৰু অধিক খৰতকীয়া হৈ পৰিব । অধ্যাপক, গৱেষক ড০ তামুলীয়ে আৰু কয় -শিশু সাহিত্যৰ লগত জড়িত বহুতেই এই আক্ষেপটো কৰে যে, সাহিত্যিৰ কেন্দ্ৰীয় পৰিকাঠামোত তেওঁলোকৰ আদৰ আৰু স্বীকৃতি দুয়োটাই যেন বৰ কম ।

আনহাতে তেজপুৰৰ কবি, লেখক অনুপ অসমীয়াই হেমন্ত কুমাৰ বৰুৱাৰ জীৱনৰ ওপৰত নিজে ৰচনা কৰা এটি কবিতা আবৃত্তি কৰা অনুষ্ঠানটিত বঁটা প্ৰাপক মনজিৎ ৰাজকোঁৱৰে নিজৰ অনুভৱ সদৰি কৰি হেমন্ত কুমাৰ বৰুৱাক মাত্ৰ এবাৰ লগ পায়েই মানুহগৰাকীৰ বুদ্ধিমত্তা, প্ৰজ্ঞাৰ ভঁৰালৰ উমান পাইছিলোঁ । আধুনিক সংগীতৰ সোণসেৰীয়া যাত্ৰা তেজপুৰৰ পৰাই আৰম্ভ হৈছিল বুলি ক'ব পৰা যায় বুলি মন্তব্য কৰি তেজপুৰৰ নমস্য সাহিত্যিক লম্বোদৰ বৰাৰ প্ৰসংগ উত্থাপন কৰি বৰাৰ গান প্ৰবন্ধটো সংগীত সম্পৰ্কীয় আধুনিক অসমীয়া ভাষাৰ উৎকৃষ্ট প্ৰবন্ধ আছিল বুলি মন্তব্য কৰে। মাত্ৰ ৩২ বছৰ বয়সৰ জীৱনত লম্বোদৰ বৰাই আলোকসন্ধানী মনেৰে চিৰঞ্জীৱী হৈ ৰ'ল । লম্বোদৰ বৰাই অসমীয়া ভাষা উন্নতি সাধিনী সভা পাতিলে, তেজপুৰত লক্ষ্মীধৰ শৰ্মাই তৰুণ অসম সংঘ পাতিলে আৰু সেই লক্ষ্মীধৰ শৰ্মাইও জীৱন পালে মাথোঁ ৩৭ বছৰ । ৰাজকোঁৱৰে আৰু কয় -১৮৯১ চনত ধৰ্ম সংগীত শীৰ্ষক এখন গ্ৰন্থই সুকীয়া সাংগীতিক মাদকতা আনিছিল । নবীন চন্দ্ৰ বৰদলৈ, ব্ৰহ্মানন্দ বৰকাকতী, আনন্দ চন্দ্ৰ আগৰৱালা আদি এটা দলে ব্ৰাহ্ম সংগীতৰ ধাৰা এটা বোৱাই ৰখাৰ প্ৰয়াস কৰিছিল। তেজপুৰৰ পৰা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই উলিওৱা ঊষাৰ জৰিয়তে অসমীয়া আধুনিক সংগীতৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । লক্ষ্মীৰাম বৰুৱা তেজপুৰলৈ অহাৰ বছৰটোতে অৰ্থাৎ ১৯০৭ চনত ঊষা ওলাইছিল । তাতে লক্ষ্মীৰাম বৰুৱাই সংগীত বিষয়ক প্ৰবন্ধ পাতি, গীতৰ স্বৰলিপি আদি প্ৰকাশ কৰিছিল বুলি তেজপুৰৰ সাংগীতিক ইতিহাস বিশ্লেষণ কৰি উপস্থিত ৰাইজক আপ্লুত কৰি সাংবাদিক -গৱেষক মনজিৎ ৰাজকোঁৱৰে ।

উল্লেখ্য যে বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগমে হেমন্ত কুমাৰ বৰুৱাৰ নাট্য প্ৰতিভা আৰু অভিনয় দক্ষতাৰ বিভিন্ন দিশ আলোকপাত কৰি এগৰাকী হেমন্ত কুমাৰ বৰুৱাই সময়ানুবৰ্তিতা সকলো ক্ষেত্ৰতে বজাই ৰাখিছিল বুলি মন্তব্য কৰে । আনহাতে প্ৰবীণ গীতিকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই খুহুতীয়া কথাৰ ভঁৰাল আৰু ৰসাল মনৰ হেমন্ত কুমাৰ বৰুৱাৰ বিভিন্ন দিশৰ ওপৰত স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা বীৰেন্দ্ৰ কুমাৰ বৰাই স্মৃতিচাৰণ কৰি শলাগ জ্ঞাপনেৰে অনুষ্ঠানটিৰ সমাপ্তি ঘটায় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande