
হায়দৰাবাদ, ২৯ অক্টোবৰ (হি.স.)। সমগ্ৰ তেলেংগানাত ঘূৰ্ণীবতাহ মন্থাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। হায়দৰাবাদকে ধৰি কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে ১৬খন জিলাত হঠাতে বানপানীৰ সম্ভাৱনা বৃদ্ধি পাইছে। ধাৰাসাৰ বৰষুণৰ বাবে দক্ষিণ মধ্য ৰে’লৱেই সাময়িকভাৱে ১২৭খন ৰে’ল বাতিল কৰাৰ লগতে ১৪খন ৰে’লৰ পথ সলনি কৰিছে।
বতৰ বিজ্ঞান বিভাগে জনাইছে যে তেলেংগানাৰ ১৬খন জিলাত ঘূৰ্ণীবতাহ মন্থাই হঠাতে বানপানীৰ আশংকা কৰিছে। ইয়াৰ ভিতৰত আদিলাবাদ, নিৰ্মল, নিজামাবাদ, জগতিয়াল, কমৰেদ্দি, কৰিমনগৰ, সিদ্দিপেট, ৱাৰংগল, জংগামা, যাদদ্ৰী ভুৱনাগিৰি, হনুমানকোণ্ডা, মহাবুবাবাদ, মেদক, মেডচাল মালকজগিৰি, পেড্ডাপল্লী আদি অন্যতম। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ বাবে ৱাৰংগল, হনুমাকোণ্ডা, আৰু মহাবুবাবাদ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। অতি প্ৰবল বৰষুণৰ সম্ভাৱনাৰ বাবে বতৰ বিজ্ঞান বিভাগে আদিলাবাদ, নিৰ্মল, জগতিয়াল, মানচেৰিয়াল, ৰাজন্না ছিৰচিলা, পেড্ডাপল্লী, কৰিমনগৰ, সিদ্দিপেট, জংগামা, যাদদ্ৰী ভুৱনাগিৰি, জয়শংকৰ ভূপালপল্লী, আৰু সূৰ্যপেট জিলাৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে। ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ বাবে কুমৰু ভীম আছিফাবাদ, নিজামাবাদ, কামাৰেড্ডী, মেডাক, ৰঙাৰেড্ডী, নলগোণ্ডা, মুলুগু, ভদ্ৰদ্ৰী কোঠাগুডেম, আৰু খাম্মাম জিলাৰ বাবেও হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।
দক্ষিণ মধ্য ৰেলৱেৰ পৰা পোৱা তথ্য অনুসৰি এই জিলাসমূহত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। ৰে’লৱেই সাময়িকভাৱে ১২৭খন ৰে’ল বাতিল কৰাৰ লগতে ১৪খন ৰে’ল ডাইভাৰ্ট কৰিছে। ঘূৰ্ণীবতাহ মন্থাৰ বাবে ফালাকনুমা, ইষ্ট ক’ষ্ট, গোদাৱৰী, বিশাখাপট্টনম, আৰু নৰছাপুৰ এক্সপ্ৰেছ বাতিল কৰা হৈছে। বৰষুণৰ ফলত বিভিন্ন ৰে’ল ষ্টেচনতো কেইবাখনো ৰে’ল বন্ধ হৈ পৰিছে। তেলেংগানাৰ মহাবুবাবাদ জিলাৰ গুণ্ড্ৰাট্টিমাডুগুত কনাৰ্ক এক্সপ্ৰেছ, আৰু ডৰ্নাকালত গোলকণ্ডা এক্সপ্ৰেছ বন্ধ কৰি দিয়া হৈছে। অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাৰ কোণ্ডাপল্লীত বন্ধ কৰি দিয়া হৈছে চাইনগৰ শিৰডি এক্সপ্ৰেছ। অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন ষ্টেচনতো ১২খন মালবাহী ৰে’ল ৰখাই দিয়া হৈছে।
ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ বহু ঠাইত যাতায়ত ব্যৱস্থা ব্যাহত হৈছে। মহাবুবাবাদ জিলাত আজি বানপানীৰ পানীয়ে ৰেলপথ বুৰাই পেলাইছে। ডৰ্নাকাল ৰেলৱে ষ্টেচনত ৰেলপথৰ ওপৰেৰে বৈ আছে বানপানীৰ পানী। ট্ৰেকত বানপানীৰ ফলত ৰে’লৰ যাতায়ত ব্যাহত হৈছে। কাজিপেট-বিজয়াৱাড়া পথত ৰে’লৰ যাতায়ত ব্যাহত হৈ পৰিছে।
ঘূৰ্ণীবতাহ মন্থাৰ বাবে হায়দৰাবাদত ধাৰাসাৰ বৰষুণ। বহু ঠাইত পথত পানী জমা হোৱাৰ ফলত হাইটেক চিটি, মাধাপুৰ, আই টি কৰিডৰ, ৰাইদুৰগাম, আদি অঞ্চলত যান-জঁটৰ সৃষ্টি হৈছে। হায়দৰাবাদৰ একাংশ অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে।
বুধবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত প্ৰবল বৰষুণ আৰু ধুমুহাই বিধ্বংসী ৰূপ ধাৰণ কৰে। প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত স্বাভাৱিক জীৱন বিঘিনি ঘটিছে। বহু ঠাইত গছ উভালি পেলোৱাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া