শ্ৰদ্ধাঞ্জলি আঁচনি'ৰ জৰিয়তে বহিঃ ৰাজ্যৰ পৰা অসম পালেহি সৰুপথাৰৰ যুৱকৰ মৃতদেহ
গোলাঘাট, ২৯ অক্টোবৰ (হি.স.)। ৰাজ্য় চৰকাৰে আৰম্ভনি কৰা ''''শ্ৰদ্ধাঞ্জলি আঁচনি''''ৰ জৰিয়তে বহিঃ ৰাজ্যৰ পৰা অসম পালেহি সৰুপথাৰৰ চিন্তু ৰাজবংশী নামৰ যুৱক জনৰ মৃতদেহ। ভাৰতৰ যিকোনো ৰাজ্যত মৃত্যু বৰণ কৰা আৰ্থিকভাৱে পিছপৰা ব্যক্তিৰ মৃতদেহ ঘূৰাই আনি
শ্ৰদ্ধাঞ্জলি আঁচনি'ৰ জৰিয়তে বহিঃ ৰাজ্যৰ পৰা অসম পালেহি সৰুপথাৰৰ যুৱকৰ মৃতদেহ


গোলাঘাট, ২৯ অক্টোবৰ (হি.স.)। ৰাজ্য় চৰকাৰে আৰম্ভনি কৰা ''শ্ৰদ্ধাঞ্জলি আঁচনি''ৰ জৰিয়তে বহিঃ ৰাজ্যৰ পৰা অসম পালেহি সৰুপথাৰৰ চিন্তু ৰাজবংশী নামৰ যুৱক জনৰ মৃতদেহ। ভাৰতৰ যিকোনো ৰাজ্যত মৃত্যু বৰণ কৰা আৰ্থিকভাৱে পিছপৰা ব্যক্তিৰ মৃতদেহ ঘূৰাই আনিবলৈ অসম চৰকাৰৰ উদ্যোগত কিছুদিন আগেয়ে এক অভিলাসী শ্ৰদ্ধাঞ্জলি আঁচনি আৰম্ভ কৰা হয়।

সৰুপথাৰ সমজিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টেঙানী গাওঁৰ নিৱাসী কেশৱ ৰাজবংশীৰ পুত্ৰ চিন্তু ৰাজবংশী বহিঃ ৰাজ্য চেন্নাইত কাম কৰিবলৈ গৈ যোৱা ২৪ তাৰিখে মৃত্যুবৰণ কৰে। ইয়াৰ পিছত আজি অসম চৰকাৰৰ 'শ্ৰদ্ধাঞ্জলি আঁচনি'ৰ জৰিয়তে মৃত চিন্তু ৰাজবংশীৰ নশ্বৰ দেহ গাঁওৰ ঘৰলৈ অনা হয়। আজি অসম চৰকাৰৰ 'শ্ৰদ্ধাঞ্জলি আঁচনি'ৰ জৰিয়তে মৃত চিন্তু ৰাজবংশীৰ মৃতদেহ চৰকাৰী খৰচত আনি পৰিয়ালৰ হাতত শ্ৰদ্ধা সহকাৰে গতাই দিয়া হয় ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande