অলংকাৰ বজাৰৰ অৱনমন অব্যাহত, সোণ আৰু ৰূপৰ দাম হ্ৰাস
নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ-ৰূপৰ দাম হ্ৰাসৰ ধাৰা অব্যাহত আছে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ২২৫০ টকাৰ পৰা ২৪৬০ টকাৰ ভিতৰত হ্ৰাস পাইছে। এই হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,২০
सर्राफा बाजार में सोना और चांदी की घटी कीमत


নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ-ৰূপৰ দাম হ্ৰাসৰ ধাৰা অব্যাহত আছে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ২২৫০ টকাৰ পৰা ২৪৬০ টকাৰ ভিতৰত হ্ৰাস পাইছে। এই হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,২০,৮১০ টকাৰ পৰা ১,২০,৯৬০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,১০,৭৪০ টকাৰ পৰা ১,১০,৮৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰাম ১,৫০,৯০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,২০,৯৬০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১০,৮৯০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২০,৮১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১০,৭৪০ টকা । একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২০,৮৬০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,১০,৭৯০ টকা।

এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২০,৮১০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,১০,৭৪০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২০,৮১০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১০,৭৪০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণ ১,২০,৯৬০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,১০,৮৯০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,২০,৮৬০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১০,৭৯০ টকা । জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২০,৯৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১০,৮৯০ টকাত বিক্ৰী কৰা হৈছে।

সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২০,৮১০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,১০,৭৪০ ₹ ত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande