গোৱালপাৰাত বৃহৎ বনৰীয়া হাতীৰ জাকৰ ধাননি পথাৰৰ বিস্তৰ ক্ষতিসাধন
গোৱালপাৰা, ২৯ অক্টোবৰ (হি.স.)। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত হস্তী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে কৃষক ৰাইজৰ ৷ ওৰে নিশাই গাঁৱৰ ৰাইজ তথা কৃষক ৰাইজে বিনিদ্ৰ ৰজনী কটাই বন্যহস্তীৰ পহৰা দিব লগা হৈছে ৷

জিলাখনৰ হাৰিমুৰাৰ ঘোঁৰাপোটা খেতিপথাৰত হাতীয়ে বিনষ্ট কৰিছে ধান খেতি ৷ আজি বুধবাৰে পুৱাৰ ভাগত হাৰিমুৰা, মাগুৰমাৰী খেতিপথাৰৰ মাজেৰে বৃহৎ বনৰীয়া হাতীৰ জাকটো ঘোঁৰাপোটা, বৰজুলি খেতি পথাৰত বহু সময় ধৰি অৱস্থান কৰাত বিস্তৰ ধাননি পথাৰ নষ্ট হয় ৷ পিছত স্থানীয় ৰাইজে ফটকা ফুটাই বনাঞ্চলত খেদিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, সন্ধিয়া হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বনাঞ্চলৰ পৰা গাওঁ অঞ্চলত প্ৰৱেশ কৰে আৰু উপদ্ৰৱ চলাই আহিছে ৷ যাৰ ফলত ওৰে নিশা উজাগৰে কটাবলীয়া হৈছে গঞা কৃষক ৰাইজসকলেয়ে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande