ধুবুৰীত আগ্নি কাণ্ডৰ ঘটনা
ধুবুৰীত পুণৰ আগ্নি কাণ্ড।
ধুবুৰীত আগ্নি কাণ্ডৰ ঘটনা


ধুবুৰী, ২৯ অক্টোবৰ (হি.স.): ধুবুৰীত যোৱা কালি মঙলবাৰে সন্ধিয়া এক আগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। ধুবুৰী চহৰৰ জিটিবি ৰোডৰ পাঁচ আলিত থকা টাউন হোটেলত এই অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

অগ্নিকাণ্ডৰ নিশ্চিত কাৰণ জানিব পৰা নাই যদিও স্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ লগে লগে হোটেল আৰু অঞ্চল জুৰি হুৱাদুৱাময় পৰিৱেশৰ সৃষ্টি হয়। দৌৰি দৌৰি হোটেলৰ ভিতৰৰ পৰা ওলাই আহে লোকসকল। পিছত আগ্নিনিৰ্বাপক বাহিনী উপস্হিত হৈ জুই নিয়ন্ত্ৰন কৰে। ফলত এক বৃহৎ অগ্নি কাণ্ডৰ ঘটনাৰ পৰা ৰক্ষা পৰে হোটেল খনৰ লগতে বজাৰৰ বৃহৎ অঞ্চল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এই অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande