
নগাঁও, ২৯ অক্টোবৰ (হি.স.)। ৰহা সৰাগাঁও নিবাসী,প্ৰাক্তন প্ৰধান শিক্ষক,শিক্ষাবিদ গোলাপ চন্দ্ৰ নাথৰ দেহাৱসান। শোকস্তব্ধ ৰহা। ৰহাৰ সৰাগাঁও নিবাসী, অসম হাইস্কুল শিক্ষক সন্থাৰ ৰাজ্যিক প্ৰাক্তন সভাপতি, নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি ,সৰাগাঁও হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক,ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ লগতে জড়িত হৈ সেৱা প্ৰদান কৰি অহা শিক্ষাবিদ,সমাজকৰ্মী গোলাপ নাথৰ আজি পুৱা দেহাৱসান ঘটে।
প্ৰয়াত নাথৰ মৃত্যু ৰ বাতৰি বিয়পি পৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰি বিদেহী আত্মা চিৰ শান্তি ৰ কামনা কৰি শোক সম্তপ্ত পৰিয়াল বগলৈ সমবেদনা জ্ঞাপন কৰে
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ