কলগাছিয়াত অব্যাহত বেঁকী নৈৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ
কলগাছিয়াত অব্যাহত বেঁকী নৈৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ।
কলগাছিয়াত অব্যাহত বেঁকী নৈৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ


বৰপেটা, ২৯ অক্টোবৰ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াত অব্যাহত আছে বেঁকী নৈৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ। কলগাছিয়াৰ খাৰবাল্লীত বেকী নৈৰ তীব্ৰ গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে । এটা সপ্তাহত বেঁকী নৈত জাহ গৈছে চাৰিটাকৈ পৰিয়ালৰ ঘৰ-ভেটি। ইয়াৰোপৰি কেইবাটাও পৰিয়াললৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ ।

গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত একাংশ ভূক্তভূগী । সাংসদ বিধায়কৰ প্ৰতি ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজসকল। এইক্ষেত্ৰত চৰকাৰ জনপ্ৰতিনিধিলৈ গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে । শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে খাৰবাল্লী গাঁও গৰাখহনীয়াৰ কবলত পৰি কলগাছিয়া ৰাজহ চক্ৰৰ মানচিত্ৰৰ পৰা নিচিহ্ন হোৱাৰ আশংকা কৰা হৈছে। খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰ, বৰপেটা জিলা প্ৰশাসন তথা জন প্ৰতিনিধিক দাবী জনাইছে ভুক্তভোগী ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande