
যোৰহাট, ২৯ অক্টোবৰ (হি.স.)। আজি জুবিন গাৰ্গে এৰি যোৱা চল্লিশ টা দিন হ'ল। অসমৰ জনতাৰ হৃদয় এটা অংশ যেন হেৰুৱাই এতিয়াও স্থিৰ নহয় অসমীয়াৰ মন-প্ৰাণ।
ন্যায় বিচাৰি এতিয়াও প্ৰতিবাদ চলি আছে, আৰু যেতিয়া লৈ কে জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুৰ ন্যায় নাপায়, তেতিয়া লৈ অসমীয়াই প্ৰতিবাদ চলাই যাব। আজি জুবিন গাৰ্গৰ চিতাভস্ম মহাহাহুৰ বুকুত বিসৰ্জন দিয়া হয়। গুৱাহাটীৰ লগতে আজি যোৰহাটতো জুবিন গাৰ্গৰ ছিটা ভস্ম ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন দিয়া হয়। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জুবিনৰ আত্মীয় আৰু শুভাকাংক্ষী সকলে ভাগ লয়। জুবিন গাৰ্গৰ লগত থকা অৰুণ গাৰ্গ আৰু জুবিন গাৰ্গৰ এগৰাকী খুৰীয়েকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ