গোৱৰ্দ্ধনাৰ গামাৰীগুৰীত শ্ৰীশ্ৰী শ্যামা পূজাৰ সাংস্কৃতিক মঞ্চ উন্মোচন মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ
–স্থানীয় শিল্পীৰ লগত একেলগে জুবিনৰ মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন ৰঞ্জিত কুমাৰ দাসৰ বাক্সা, ২৯ অক্টোবৰ (হি.স.)। বাক্সা জিলাৰ শালবাৰীৰ সমীপৱৰ্তী বৰপেটাৰ গোৱৰ্দ্ধনা গামাৰীগুৰীত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা ১৯ সংখ্যক শ্ৰীশ্ৰী শ্যামা পূজাৰ যোৱা কালি মঙ
গোৱৰ্দ্ধনাৰ গামাৰীগুৰীত শ্ৰীশ্ৰী শ্যামা পূজাৰ সাংস্কৃতিক মঞ্চ উন্মোচন মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ


–স্থানীয় শিল্পীৰ লগত একেলগে জুবিনৰ মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন ৰঞ্জিত কুমাৰ দাসৰ

বাক্সা, ২৯ অক্টোবৰ (হি.স.)। বাক্সা জিলাৰ শালবাৰীৰ সমীপৱৰ্তী বৰপেটাৰ গোৱৰ্দ্ধনা গামাৰীগুৰীত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা ১৯ সংখ্যক শ্ৰীশ্ৰী শ্যামা পূজাৰ যোৱা কালি মঙলবাৰে নিশা সামৰণি পৰে। সামৰণিৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ ৰঙাফিটা কাটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসে । ইয়াৰ পাছতেই স্থানীয় শিল্পীৰ লগত একেলগে ড০ ভূপেন হাজৰিকাৰ বুকু হম হম কৰে আৰু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন কৰে মন্ত্রী গৰাকীয়ে।

আনহাতে গামাৰীগুৰীত শ্ৰীশ্ৰী শ্যামা পূজাত অংশগ্রহণ কৰি ৫ লাখ টকাৰে কালি মন্দিৰ নিৰ্মাণ কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে মন্ত্রী দাসে। ইফালে শ্ৰী শ্ৰী শ্যাম পূজা সন্দৰ্ভত উদযাপন সমিতিৰ বিষয়ববীয়াই পূজাৰ কাৰ্যসূচী আৰু সামৰণি সন্দৰ্ভত মন্তব্য কৰে। নিশা অষ্ট্ৰিয়ানা দিহিঙীয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰেই পূজাৰ সফল সামৰণি পৰে।

উল্লেখ্য যে পূজাৰ সামৰণিৰ নিশা কালি ১০ সহস্ৰাধিক লোকে অংশগ্রহণ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande