২৬ৰ নিৰ্বাচনৰ বাবে মিডিয়া ৱাৰ আৰম্ভ কৰিলে বিজেপিয়ে
গুৱাহাটী, ২৯ অক্টোবৰ (হি.স.)। ২৬ৰ নিৰ্বাচনৰ বাবে মিডিয়া ৱাৰ আৰম্ভ কৰিলে বিজেপিয়ে। আজি আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিয়ে ১৬ জন মুখপাত্ৰ, ২৮ গৰাকী মিডিয়া পেনেলিষ্ট, ২৬ জন ৰাজ্যিক সংবাদ বিভাগৰ কাৰ্য্যকৰ্তা, ৮ টা ৰাজ্যি
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ২৯ অক্টোবৰ (হি.স.)। ২৬ৰ নিৰ্বাচনৰ বাবে মিডিয়া ৱাৰ আৰম্ভ কৰিলে বিজেপিয়ে। আজি আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিয়ে ১৬ জন মুখপাত্ৰ, ২৮ গৰাকী মিডিয়া পেনেলিষ্ট, ২৬ জন ৰাজ্যিক সংবাদ বিভাগৰ কাৰ্য্যকৰ্তা, ৮ টা ৰাজ্যিক মৰ্চাৰ সংবাদ বিভাগৰ আহ্বায়ক আু ৩৯ খন সাংগঠনিক জিলাৰ আহ্বায়ক সকলক লৈ অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠকত ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই ৰাজ্যিক সাংগঠনিক সাধাৰাণ সম্পাদক জী আৰু ৰবীন্দ্ৰ ৰাজু, মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায় আৰু সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামীৰ উপস্থিতিত নিৰ্বাচনত সংবাদ বিভাগৰ ভূমিকা আৰু কৰণীয়তাৰ সন্দৰ্ভত গোপন মন্ত্ৰণা প্ৰদান কৰি নিৰ্বাচনৰ বাবে সংবাদ বিভাগক প্ৰস্তুত কৰি আজিৰ পৰা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ মিডিয়া ৱাৰ আৰম্ভ কৰিলে।

ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে লগতে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন মিত্ৰজোঁটৰ চৰকৰাৰখনৰ উন্নয়নমূলক কাম কাজ তথা অসমৰ জাতি ৰক্ষাৰ বাবে লোৱা ঐতিহাসিক সিদ্ধান্ত সমূহক অসমৰ সকলো স্তৰৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে সংবাদ বিভাগ আৰু সামাজিক মাধ্যম বিভাগৰ যোগেদি এক ব্যাপক তৈয়াৰ কৰিছে। আজি বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা সভাখনৰ আধৰণি ভাষণ প্ৰদান কৰি সংবাদ বিভাগৰ ৰাজ্যিক আহ্বায়ক ৰূপম গোস্বামীয়ে দলৰ সংবাদ বিভাগে আগন্তুক নিৰ্বাচনত দিনে নিশাই একাকাৰ কৰি সদাজাগ্ৰত প্ৰহৰি হিচাপে কাম কৰিবলৈ মুখপাত্ৰ, মিডিয়া পেনেলিষ্ট তথা সংবাদ বিভাগৰ সমূহ কাৰ্য্যকৰ্তাক আহ্বান জনায়।

আনহাতে সভাত সাংগঠনিক বক্তব্য প্ৰদান কৰি মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায়ে সংবাদ বিভাগৰ কাৰ্য্যকৰ্তা তথা মুখপাত্ৰ, মিডিয়া পেনেলিষ্ট সকলৰ বাবে এক ব্যাপক কাৰ্য্যসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰি বিস্তৃত্ব বাখ্যা আগবঢ়ায়। সাংগঠনিক সাধাৰণ সম্পাদক জী আৰ ৰবীন্দ্ৰ ৰাজুৱে মুখপাত্ৰ, মিডিয়া পেনেলিষ্ট তথা সংবাদ বিভাগৰ উপস্থিত কাৰ্য্যকৰ্তা সকলৰ লগত এক মুকলি মত বিনিময় কৰি সকলোৰে পৰা দিহা পৰামৰ্শ আৰু আগন্তুক দিনৰ বাবে পৰিকল্পনা সমূহৰ সন্দৰ্ভত আলোচনা কৰে। ৰাজ্যিক সংবাদ বিভাগৰ অন্যতম সহআহ্বায়ক বিষ্ণু কোচে আতধৰা সভাখনত সহআহ্বায়ক ধ্ৰুৱজ্যোতি ঠাকুৰীয়াই সলাগৰ শৰাই আগবঢ়ায় বুলি প্ৰেছ বিবৃতিটোত উল্লেখ আছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande