কামৰূপৰ সৰুলাহত ভয়ংকৰ ঘটনা- পুত্ৰৰ ফান্দত পৰি পিতৃৰ মৃত্যু
কামৰূপৰ সৰুলাহত ভয়ংকৰ ঘটনা ।
কামৰূপৰ সৰুলাহত ভয়ংকৰ ঘটনা- পুত্ৰৰ ফান্দত পৰি পিতৃৰ মৃত্যু


কামৰূপ ২৯ অক্টোবৰ (হি.স.): কামৰূপৰ সৰুলাহত যোৱা কালি মঙ্গলবাৰে বিয়লি এক ভয়ংকৰ ঘটনা সংঘটিত হয়। কপিকুলে বিনষ্ট কৰা ধাননি পথাৰত বৈদ্যুতিক শ্বক দি পৰিত্ৰাণ বিচাৰোতে সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা । পুত্ৰৰ ফান্দত পৰি পিতৃৰ মৃত্যু হয়। এই ঘটনাৰ ফলত এগৰাকী বৃদ্ধ, ছাগলী এটা, কপিকুল এটা মৃত্যু হোৱাৰ বিপৰীতে দুগৰাকী কিশোৰী আহত হয় । মৃতলোকজনৰ নাম নগেন বৰ্মন বুলি জনা গৈছে।

জানিব পৰা মতে নিজৰ পুত্ৰ দিবাকৰ বৰ্মনে চোৰাংভাবে বিদ্যুৎ সংযোগ কৰি নিজৰ ধাননি পথাৰত বৈদ্যুতিক শ্বট্ দি কপিকুলৰ নিধনৰ ব্যৱস্থা কৰিছিল । নিজে পতা ফান্দত নিজ পিতৃৰ লগতে ছাগলী, কপিকুলৰ মৃত্যু হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে শুৱালকুছি আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । ইফালে দিবাকৰ বৰ্মন পলাতক বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande