মধ্য ভিয়েটনামত বানপানী: ৯ জন মৃত্যু, ৫ জন নিৰুদ্দেশ
হানয়, ২৯ অক্টোবৰ (হি.স.)। মধ্য ভিয়েটনামত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক নিৰুদ্দেশ হৈছে। এই তথ্য বুধবাৰে চৰকাৰী বিবৃতিত প্ৰকাশ কৰা হৈছে। বিবৃতি অনুসৰি ডানাং চহৰ আৰু হয় আনৰ বানত ৬ জন লোকৰ মৃত্যু হয়
मध्य वियतनाम में बाढ़


হানয়, ২৯ অক্টোবৰ (হি.স.)। মধ্য ভিয়েটনামত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক নিৰুদ্দেশ হৈছে। এই তথ্য বুধবাৰে চৰকাৰী বিবৃতিত প্ৰকাশ কৰা হৈছে।

বিবৃতি অনুসৰি ডানাং চহৰ আৰু হয় আনৰ বানত ৬ জন লোকৰ মৃত্যু হয়। ডানাং দেশৰ এক জনপ্ৰিয় উপকূলীয় অঞ্চল। বানপানীৰ ফলত এক লাখৰো অধিক ঘৰ ডুব যোৱাৰ লগতে বিদ্যুৎ আৰু পানী যোগান ব্যাহত হৈছে। বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ ভিতৰত আছে দেশৰ প্ৰধান পৰ্যটনস্থলী হুৱে আৰু হোই আন।

দেশখনৰ পূৰ্বৰ ৰাজধানী হুৱে আৰু হোই আনত বৰষুণৰ ধাৰা অব্যাহত আছে। সোমবাৰে নিশালৈকে অঞ্চলটোত ১০০০ মিলিমিটাৰতকৈ অধিক বৰষুণৰ অভিলেখ সৃষ্টি হয়।

ইফালে, ডানাঙত নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে জলাশয়বোৰ ওফন্দি উঠিছে। চৰকাৰে কয় যে নদীৰ পাৰৰ নিম্নভূমি অঞ্চল প্লাৱিত হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে পাহাৰীয়া অঞ্চলতো ভূমিস্খলনৰ সতৰ্কবাণী জাৰি কৰা হৈছে। মঙলবাৰৰ পৰা ৰাজধানী হানয় আৰু বাণিজ্যিক কেন্দ্ৰ হো চি মিন চহৰৰ মাজত ৰেল সেৱা বন্ধ কৰি দিয়া হৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মধ্য ভিয়েটনামত আগন্তুক দুদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। একাংশ অঞ্চলত বুধবাৰে পুৱাৰে পৰা বৃহস্পতিবাৰৰ নিশালৈ ৪০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande