
দৰং, ২৮ অক্টোবৰ (হি.স.)। দৰং জিলাৰ খাৰুপেটীয়া শৈলবালা হাইস্কুলত গছ কটা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বন্ধৰ দিনত বিদ্যালয়ৰ চৌহদত থকা ছটা মূল্যবান গছ গোপনে কাটিলে বিদ্যালয় কৰ্তৃপক্ষই৷
ইফালে এই সন্দৰ্ভত স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ অভিযোগত মংগলদৈ খণ্ড বন বিষয়াই জব্দ কৰে কাটি ৰখা গছসমূহ ৷ উল্লেখ্য যে ৩০/৪০ বছৰ পুৰণি মূল্যবান গছসমূহ কাটি বিক্ৰী কৰাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা