গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, যুৱক নিহত
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ আলিকাষৰ ই এণ্ড ডি মথাউৰিত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় এই দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত হয় এগৰাকী বিবাহিত যুৱক৷ জানিব পৰা অনুসৰি শালমাৰা পথাৰৰ মহিদুল ইছলামে আজি (মঙলবাৰে) পুৱা এ এছ ০
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, যুৱক নিহত


কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ আলিকাষৰ ই এণ্ড ডি মথাউৰিত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় এই দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত হয় এগৰাকী বিবাহিত যুৱক৷

জানিব পৰা অনুসৰি শালমাৰা পথাৰৰ মহিদুল ইছলামে আজি (মঙলবাৰে) পুৱা এ এছ ০১ জি বি ৯৪০৭ নম্বৰৰ স্কুটীৰে গৈ থকা অৱস্থাত আলিকাষ ই এণ্ড ডি মথাউৰিত স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ চাইডবামৰ পকী বেৰত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়। ফলত যুৱকজন গুৰুতৰভাৱে আহত হয়৷ আহত মহিদুলক ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত মহিদুল ইছলামৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে৷ যুৱক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ আৰক্ষীয়ে পিছত ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু এই ঘটনাৰ তদন্ত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande