
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। হাজোৰ পশ্চিম বঢ়িগোগ আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। দুই ছাত্ৰ ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। মুৰ্দাবাদ ধ্বনিৰে উত্তাল মহাবিদ্যালয় চৌহদ। মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সহাকাৰী সাধাৰণ সম্পাদক ৰাহুল আলী বিৰুদ্ধে গুণ্ডাগিৰি কৰাৰ গুৰুতৰ অভিযোগ।
নিযুঁত মইনা আচঁনিৰ চেক বিতৰণ কৰিবলৈ অহা একাংশ বিষয়-ববীয়াক প্ৰকাণ্ড লোৰে প্ৰহাৰৰ চেষ্টাৰ অভিযোগ ৰাহুল আলীৰ বিৰুদ্ধে।হাতত প্ৰকাণ্ড ৰদ লৈ মহাবিদ্যালয় চৌহদত ৰাহুল আলীৰ বিৰুদ্ধে গুণ্ডাগিৰি চলোৱাৰ গুৰুতৰ অভিযোগ একাংশ ছাত্ৰ-ছাত্ৰীৰ।ৰাহুল আলীৰ এনে কৰ্ম-কাণ্ডৰ বিৰুদ্ধে এটা ফৈদে প্ৰতিবাদ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পিছত পৰিস্থিতি অধিক জটিলৰ দিশে যোৱাত ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা চলাই কঁঞা আৰক্ষী।আৰক্ষীৰে সন্মুখতে দুটা ফৈদৰ মাজতে সৃষ্টি হয় প্ৰচণ্ড সংঘাতৰ।
অভিযোগ অনুসৰি মহাবিদ্যালয় খনৰ অধ্যক্ষ মইনুল হ'কৰ ছত্ৰছায়াতে সহাকাৰী সাধৰণ সম্পাদক ৰুবুল আলীয়ে মহাবিদ্যালয় খনত গুণ্ডাৰাজ চলোৱাৰ অভিযোগ।পিছত মহাবিদ্যালয় চৌহদত গুণ্ডাগিৰি চলোৱা ৰাহুল আলীক আটক কৰে কঁঞা আৰক্ষীয়ে।তাৰ পিছতো মহাবিদ্যালয় খনৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে একাংশ ছাত্ৰ-ছাত্ৰী।উল্লেখনীয় যে ৰাহুল আলীৰ বিৰুদ্ধে মহাবিদ্যালয় খনত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰো গুৰুতৰ অভিযোগ উথ্বাপন হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ