সোণাপুৰৰ নাজিৰাখাটত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন
গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। নিশা সোণাপুৰৰ নাজিৰাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। ইউপি ২২এটি ৩২৬৪ নম্বৰৰ এখন ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা এএছ ০১এল ৫৩১৮ নম্বৰৰ স্কৰপিঅ'' বাহনৰ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উক্ত পথ দু
সোণাপুৰৰ নাজিৰাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা


সোণাপুৰৰ নাজিৰাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা


গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। নিশা সোণাপুৰৰ নাজিৰাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক।

ইউপি ২২এটি ৩২৬৪ নম্বৰৰ এখন ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা এএছ ০১এল ৫৩১৮ নম্বৰৰ স্কৰপিঅ' বাহনৰ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয়।

গুৱাহাটী জাগীৰোড পথত সংঘটিত হৈছে উক্ত দুৰ্ঘটনাটো। উল্লেখ্য যে নিশা হ'লেই পথৰ কাষত একাংশ‌ই অবৈধভাৱে পাৰ্কিং কৰে সামগ্ৰী বোজাই ট্ৰাক সমূহ।

ইতিমধ্যে আহত দুজনক সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।লক্ষনীয় যে উক্ত পথচোৱাত ইয়াৰ পুৰ্বেও কেইবাটাও ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে । লোক আহত আৰু নিহত হৈছে।ৰাইজে দাবী কৰিছে যাতে উক্ত পথটোচোৱাত যানবাহন আৰক্ষী নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande