গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত বাঘৰ আতংক
গোৱালপাৰা,২৮ অক্টোবৰ (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ পুৱ দিশে অৱস্থিত ভেল্টাঘাটত নিশা বাঘৰ আতংক৷ ভেল্টাৰঘাটৰ হামিদুল ইছলামৰ ঘৰত চৌহদত প্ৰবেশ কৰে বাঘটো ৷বাঘ দেখি আতংকিত যদিও হামিদুলে নিজৰ কেমেৰাত বন্দী কৰে বাঘৰ ছবি৷ এতিয়া
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত বাঘৰ আতংক


গোৱালপাৰা,২৮ অক্টোবৰ (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ পুৱ দিশে অৱস্থিত ভেল্টাঘাটত নিশা বাঘৰ আতংক৷ ভেল্টাৰঘাটৰ হামিদুল ইছলামৰ ঘৰত চৌহদত প্ৰবেশ কৰে বাঘটো ৷বাঘ দেখি আতংকিত যদিও হামিদুলে নিজৰ কেমেৰাত বন্দী কৰে বাঘৰ ছবি৷

এতিয়া বাঘৰ বিষয়টো লৈ গোৱালপাৰাত সবত্ৰে চৰ্চিত৷

অৱশ্যে বিষয়টোত গোৱালপাৰাৰ বন বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ বহুতে এই বাঘটো চিতা বাঘ বুলি কব বিচাৰে ৷ যদি সচাকৈ চিতা বাঘ হয় তেন্তে ই ৰাজ্য বাসীৰ বাবে ভাল খবৰ হিচাবে পৰিগণিত হব ৷১৯ ৫২ চনতে ভাৰত চৰকাৰে চিতা বাঘ বিলুপ্ত বুলি ঘোষণা কৰিছিল৷

পৰবৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে ২০২২ আৰু ২০২৩ আফ্ৰিকাৰ পৰা আনিছিল ভাৰতত বিলুপ্ত প্ৰায় চিতা বাঘ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande