
শোণিতপুৰ, ২৮ অক্টোবৰ (হি.স.)। শোণিতপুৰ ষঠ পূজা পালন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰৰ চাৰিদুৱাৰতো বিহাৰী সম্প্ৰদায়ৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ। হাৰ্টথৰ্ব জুবিন গাৰ্গৰ ৰাহস্যজনক মৃত্যুৰ পাছত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ উৎসৱ পাৰ্ৱণৰ উচাহ একে পৰিবেশ দেখিবলৈ পোৱা গল চাৰিদুৱাৰত।
চাৰিদুৱাৰৰ মানশিৰি নদীৰ পূজাৰ ঘাটত এইবাৰ জনসমাগম অতি কম দেখিবলৈ পোৱা গল। বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই মানশিৰি নদীৰ ঘাটত আয়োজন কৰা হয় এই পূজাৰ। পুৱতি নিশাৰ পৰাই এনেদৰে ভক্তই পানীত নামি সূৰ্য দেৱতাক আৰাধানা কৰা দেখিবলৈ পোৱা গৈছে।উল্লেখ যে পূজাস্থলীত যুগদ্ৰষ্টা জুবিন গাৰ্গৰ প্ৰতিতচ্চবিত পূজা কৰাৰ প্ৰাকক্ষণত সকলোৱে শ্রদ্ধাঞ্জলি জনাইছে।
সচৰাচৰ এই পূজাভাগ অসমত থকা বিহাৰী সম্প্ৰদায়ৰ লোকসকলেয়ে প্ৰথমে কৰাৰ প্ৰথা আছিল যদিও আজি বিভিন্নজনে ইয়াক উলহ মালহেৰে উদযাপন কৰা দেখা যায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু