
যোৰহাট, ২৮ অক্টোবৰ (হি.স.)। টীয়কৰ বেন গাৰ্ডেন চিনিয়ৰ ছেকেণ্ডাৰীত আৰ্ট ফেষ্ট শীৰ্ষক ব্যতিক্ৰমী সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত l
:টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেন গাৰ্ডেন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত দুদিনীয়াকৈ আৰ্ট ফেষ্ট শীৰ্ষক এক সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ সমান্তৰালকৈ সাহিত্য,কলা-সংস্কৃতি,নৃত্য গীত আদি অনান্য দিশত থকা প্ৰতিভাসমূহ প্ৰসাৰৰ অৰ্থে বিগত বছৰৰ দৰে এইবাৰো কিছু ব্যতিক্ৰমীভাৱে এই প্ৰতিযোগিতা আয়োজন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।বিদ্যালয়ৰ মূল মঞ্চকে ধৰি মুঠ পাঁচখনকৈ মঞ্চ তৈয়াৰ কৰি শ্ৰেণী অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত নৃত্য,গীত ,বক্তৃতা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।ইপিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সমগ্ৰ ৰাজ্যবাসী বৰ্তমান ম্ৰিয়মান।
সেয়ে অনুষ্ঠানৰ আৰম্ভণিত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী,অভিভাৱক সকলোৱে মানৱদৰদী শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গীত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।মূলত: ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক ভাৱে আগুৱাই নিবলৈ বিদ্যালয়ৰ অধ্যক্ষ ফাডাৰ ৰবিনছৰ নেতৃত্বত বিদ্যালয় কৰ্তৃপক্ষই এইখন মঞ্চ প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিছে।প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দুদিনীয়া এই বৰ্নাঢ্য কাৰ্যসূচীৰ অন্তত: আজি বিজেতা প্ৰতিযোগীসকলক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰি অনাগত দিনটো এইদৰে সকলোৰে সহায় সহযোগিতা কামনা কৰে বিদ্যালয় কৰ্তৃপক্ষই।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু