ৰঙিয়াৰ বিভিন্ন স্থানত ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ লগোৱাত ব্যস্ত একাংশ জুবিন অনুৰাগী
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। ৰৈ ৰৈ বিনালে ছবিখন এতিয়া এখন ছবিয়ে হৈ থকা নাই এয়া হৈ পৰিছে অসমীয়াৰ আৱেগ, স্বাভিমান। তাকেই যেন প্ৰমাণ কৰিলে অসমবাসী ৰাইজে তথা সমগ্ৰ দেশত থকা জুবিনপ্ৰেমীয়ে। পোন প্ৰথম বাৰৰ বাবে ইতিহাস সৃষ্টি কৰি অভিলেখ হাৰত বোলছবিখনৰ অ
ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ


কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। ৰৈ ৰৈ বিনালে ছবিখন এতিয়া এখন ছবিয়ে হৈ থকা নাই এয়া হৈ পৰিছে অসমীয়াৰ আৱেগ, স্বাভিমান। তাকেই যেন প্ৰমাণ কৰিলে অসমবাসী ৰাইজে তথা সমগ্ৰ দেশত থকা জুবিনপ্ৰেমীয়ে।

পোন প্ৰথম বাৰৰ বাবে ইতিহাস সৃষ্টি কৰি অভিলেখ হাৰত বোলছবিখনৰ অগ্ৰীম বুকিং হৈছে। ছবিখন মুক্তিৰ পিছৰ এসপ্তাহলৈ সকলো হলতে টিকটৰ অগ্ৰীম বুকিং হৈ গৈছে। আনকি বহু পুৰণি হলো জুবিন গাৰ্গৰ এই ছবিখনৰ দৰ্শকৰ চাহিদালৈ চাই খুলি দিয়া হৈছে। কেৱল। জুবিন গাৰ্গে বিচৰা ধৰণে মৃত্যুৰ পিছতো এই উপহাৰ দি থৈ গল প্ৰাণৰ শিল্পী গৰাকীয়ে। ছবিখনৰ পোষ্টাৰিঙৰ কাম এতিয়াহে চলিছে যদিও ছবিৰ টিকটৰ অভিলেখ ইয়াৰ পূৰ্বেই হৈ গৈছে। গুৱাহাটীত জুবিন ফেন ক্লাৱে তথা জনপ্ৰিয় অভিনেতা যতীন বৰাইও ঠায়ে ঠায়ে পোষ্টাৰিং কৰা দেখা গল। পিছ পৰি থকা নাই ৰঙিয়াও। প্ৰাণৰ শিল্পীৰ ছবিখন যাতে সকলোৱে উপভোগ কৰিব পাৰে তাৰ বাবে ৰঙিয়াৰ বিভিন্ন স্থানত ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ লগোৱাত ব্যস্ত হৈ পৰিল একাংশ জুবিন অনুৰাগী। ৰঙিয়াৰ বিভিন্ন স্থানত ৰৈ ৰৈ বিনালেৰ বেনাৰ পোষ্টাৰ লগালে অনুৰাগী সকলে।

৩১ তাৰিখে শুভ মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। 'ছবিখন চাই কোনো লোকে ভিডিঅ' কৰি কোনেও সামাজিক মাধ্যমত এৰি নিদিয়ে তাৰ কাৰনে আহ্বান জনালে জুবিন অনুৰাগী সকলে । আনহাতে প্ৰাণৰ শিল্পীজনৰ সপোন পূৰণ কৰিবলৈ সকলোৱে যাতে ছবিগৃহলৈ আহি ছবিখন চাই তথা পাইৰেছিৰ যাতে কোনোৱে আশ্ৰয় নলয় তাৰ বাবেও আজি জুবিন অনুৰাগীসকলৰ লগতে অভিনেতা যতীন বৰাইও আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande