সন্মূখত শ্ৰীকৃষ্ণৰ ৰাসলীলা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুখা শিল্পী সকলৰৰ মাজত ব্যৱস্ততা বৃদ্ধি
যোৰহাট, ২৮ অক্টোবৰ (হি.স.)। সন্মূখত শ্ৰীকৃষ্ণৰ ৰাসলীলা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুখা শিল্পী সকলৰৰ মাজত ব্যৱস্ততা বৃদ্ধি। সমাগত শৰৎৰ ৰাস মহোৎসৱ। ৰাজ্যবাসীয়ে শৰতৰ পূৰ্ণিমাৰ দিনা উদযাপন কৰিব ৰাস মহোৎসৱ।কৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰিত ৰাজ্যৰ প্ৰতিটো প
সন্মূখত শ্ৰীকৃষ্ণৰ ৰাসলীলা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুখা শিল্পী সকলৰৰ মাজত ব্যৱস্ততা বৃদ্ধি


যোৰহাট, ২৮ অক্টোবৰ (হি.স.)। সন্মূখত শ্ৰীকৃষ্ণৰ ৰাসলীলা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুখা শিল্পী সকলৰৰ মাজত ব্যৱস্ততা বৃদ্ধি।

সমাগত শৰৎৰ ৰাস মহোৎসৱ। ৰাজ্যবাসীয়ে শৰতৰ পূৰ্ণিমাৰ দিনা উদযাপন কৰিব ৰাস মহোৎসৱ।কৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰিত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ।যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যবাসী শোকস্তব্ধ তাথাপিও পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসী অনাগত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰিবলৈ সাজু হৈ উঠিছে ৷

এইসময়ত সত্ৰনগৰী মাজুলীকে আদি কৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ কলাকৌশলী, অভিনেতা অভিনেত্ৰী সকলো ব্যস্ত ৰাসৰ বাবে প্ৰস্তুতিত ৷ ব্যতিক্ৰম নহয় মুখাশিল্পীসকলো। মঞ্চত শ্ৰীকৃষ্ণৰ ৰাসলীলা সজীৱ কৰি তুলাত এই মুখা শিল্পৰ আছে বিশেষ ভূমিকা ৷ এয়া টীয়কৰ বনাই অঞ্চলৰ অন্যতম মুখাশিল্পী “লব-কুশ” আজি ভীষণ ব্যস্ত ৰাসত ব্যৱহাৰ হোৱা প্ৰতিটো মুখা প্ৰস্তুতত৷ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় কুৰিৰো অধিক ৰাস উদযাপন সমিতিৰ সৈতে যোগাযোগ চলিছে। সেয়ে দিন ৰাতি একাকাৰ কৰি বগলী,অজগৰকে ধৰি মঞ্চসজ্জাত ব্যৱহৃত বিভিন্ন সামগ্ৰী,মুখা আদি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে দুয়ো ভাতৃ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande