
ধুবুৰী, ২৮ অক্টোবৰ (হি.স.)। ধুবুৰী জিলাৰ প্ৰতাপ চন্দ্ৰ বৰুৱা খেলপথাৰ, গৌৰীপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অন্তৰ্গত বিৰ সিং বিধানসভাৰ অধীনত ৮৫৫৩ আত্মসহায়ক গোটৰ মহিলা সকলক আজি মঙলবাৰে ১০,০০০ টকাকৈ চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম চৰকাৰৰ পঞ্চায়ত গ্ৰামোন্নয়ন, পৰ্যটন, সাধাৰণ প্ৰশাসন, ন্যায় আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই অভিলাষী আঁচনি প্ৰত্যেকখন জিলাৰ বিধানসভা সমষ্টিত ৰূপায়ন কৰাৰ ব্যৱস্থা কৰা হৈছে। যাৰ বিনিময়ত অসমৰ প্ৰায় সকলো জিলাৰ আই-মাতৃসকল উপকৃত হৈছে।
চৰকাৰে আই -মাতৃ সকলক আৰ্থিক ভাৱে স্বাৱলম্বী কৰিবলৈ এই অভিলাষী আঁচনিৰ দ্বাৰাই এক বলিষ্ঠ পদক্ষেপ আৰু পৰিকল্পনা কৰে য'ত ৪০ লাখ অসমৰ আত্মসহায়ক গোটৰ সদস্যাৰ ভিতৰত ৩০ লাখ হিতাধিকাৰী বাছনি কৰা হৈছে যিসকলে ১০,০০০ টকা লাভ কৰিব আৰু কোনো এটা উদ্যোগত এই টকা ব্যৱহাৰ কৰিব।এই অভিলাষী আঁচনিৰ একমাত্ৰ উদ্দেশ্য হ'ল, মহিলা সবলীকৰণ যাতে অসমৰ সকলো মহিলা আত্মনিৰ্ভৰশীল হওঁক আৰু তেতিয়াহে সমাজৰ প্ৰগতি হ'ব আৰু লগতে দেশৰ উন্নতি সাধন হ'ব, অৰ্থাৎ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসৰ কথা উল্লেখ কৰে।
২৭ নং- বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক চামছুল হুদাই উল্লেখ কৰে যে হিতাধিকাৰী সকলৰ মাজত উৎসাহ দেখি বহুত উৎফুল্লিত হৈছে আৰু টকাখিনিৰ সঠিক ভাৱে ব্যৱহাৰ কৰিবলৈ সকলো হিতাধিকাৰীক কয়। তেখেতে উল্লেখ কৰে যে টেইলৰিং, হাঁহ, কুকুৰা পালন, দোকান আৰু হস্তশিল্প আদি কৰি বিভিন্ন ধৰণৰ ব্যৱসায় আছে যি মহিলা উদ্যোগৰ বিকাশৰ লগতে এই অভিযানে নগৰাঞ্চলৰ জীৱিকাৰ বিকল্প সম্বাবনাক উৎসাহিত কৰিব।
ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে কয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঃ: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই অভিলাষী আঁচনিৰ দ্বাৰা ৩০ লাখ আই- মাতৃসকল উপকৃত হৈছে। তেখেতে উল্লেখ কৰে যে মহিলা উদ্যমিতা অভিযান আঁচনি উপলক্ষে আনুষ্ঠানিকভাৱে আত্মসহায়ক গোটসমূহৰ সদস্যাসকলক ১০,০০০ টকাৰ চেক বিতৰণ কৰা হ'ব আৰু এই অভিলাষী আঁচনিৰ জৰিয়তে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলক উদ্যোগী হিচাপে গ্ৰহ দিয়াৰ লগতে লাখপতি বাইদেউ হিচাপে গ্ৰহ দিবলৈ চেষ্টা কৰা হৈছে।
উল্লেখযোগ্য যে আজি বিৰ সিং জৰুৱা বিধানসভা সমষ্টিত ৮৫৫৩ গৰাকী আত্মসহায়ক গোটৰ সদস্যাসকলক ১০,০০০ টকাকৈ চেক প্ৰদান কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে ১০ গৰাকী মহিলাক চেক প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আত্মসহায়ক গোটৰ সদস্যাসকলক গ্ৰাম্য উদ্যোগী হিচাপে শক্তিশালী কৰাত আৰু ইয়াৰ জৰিয়তে অসমৰ লগতে ধুবুৰী জিলাৰ গ্ৰাম্য আৰু চহৰাঞ্চলৰ অৰ্থনৈতি সবল কৰাত নিশ্চিত ভাৱে সহায় কৰিব।
আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন, পৰ্যটন, সাধাৰণ প্ৰশাসন, ন্যায় আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস আৰু লগতে উপস্থিত আছিল বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক চামছুল হুদা, ধুবুৰী -গৌৰীপুৰ জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, জিলা পৌৰসভাৰ পৌৰপতি দেৱোময় সান্যাল, কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবেশ ৰায়, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, সমাজকৰ্মী ৰঞ্জিৎ ৰায়, সমাজকৰ্মী বিশ্বজিৎ ৰায়, ৰঞ্জিৎ কুমাৰ সাহা, বিশ্বজিৎ কলিতা, প্ৰশাসনিক বিষয়াসকল প্ৰমুখ্যে ৱাৰ্ড কমিছনাৰসকল, আত্মসহায়ক গোটৰ সদস্যাসকল ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী