কাইলৈ ​​মুম্বাইত অনুষ্ঠিত সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বুধবাৰে (২৯ অক্টোবৰ) মুম্বাই ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ (আই এম ডব্লিউ-২০২৫)ত বিয়লি প্ৰায় ৪ বজাত নেস্কো প্
PM Modi inaugurates Semicon India 2025 at Yashoobhoomi ,New Delhi on September 2,2025.


নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বুধবাৰে (২৯ অক্টোবৰ) মুম্বাই ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ (আই এম ডব্লিউ-২০২৫)ত বিয়লি প্ৰায় ৪ বজাত নেস্কো প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া গ্ল’বেল মেৰিটাইম চি ই অ’ ফ’ৰামৰ অধ্যক্ষতা কৰিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, আই এম ডব্লিউ-২০২৫ৰ বিষয়বস্তু হৈছে মহাসাগৰসমূহক একত্ৰিত কৰা, এক সামুদ্ৰিক দৃষ্টিভংগী। ২০২৫ চনৰ ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া এইখনে ভাৰতক বিশ্বৰ সামুদ্ৰিক কেন্দ্ৰ আৰু নীলা অৰ্থনীতিৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ কৌশলগত ৰোডমেপ প্ৰদৰ্শন কৰিব। আই এম ডব্লিউ ২০২৫ত ৮৫খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিব, য’ত এক লাখৰো অধিক প্ৰতিনিধি, ৫০০ৰো অধিক প্ৰদৰ্শক, আৰু ৩৫০ জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় বক্তা থাকিব।

ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ৰ ফ্লেগশ্বিপ ইভেণ্ট গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰামত বিশ্বৰ সামুদ্ৰিক কোম্পানীসমূহৰ চিইঅ’, আগশাৰীৰ বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক, উদ্ভাৱক, আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক একত্ৰিত কৰি বিশ্ব সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ ভৱিষ্যতৰ ওপৰত আলোচনা কৰা হ’ব। এই মঞ্চই বহনক্ষম সামুদ্ৰিক উন্নয়ন, স্থিতিস্থাপক যোগান শৃংখল, সেউজ জাহাজ চলোৱা, আৰু অন্তৰ্ভুক্ত নীলা অৰ্থনীতিৰ কৌশলৰ ওপৰত আলোচনাৰ বাবে এক মূল মঞ্চ হিচাপে কাম কৰিব।

প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে সামুদ্ৰিক অমৃত কাল দৃষ্টিভংগী ২০৪৭ৰ সৈতে সংগতি ৰাখি এক অভিলাষী, আগন্তুক সামুদ্ৰিক পৰিৱৰ্তনৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।বন্দৰ নেতৃত্বাধীন উন্নয়ন, জাহাজ আৰু জাহাজ নিৰ্মাণ, নিৰৱচ্ছিন্ন লজিষ্টিক, আৰু সামুদ্ৰিক দক্ষতা বিকাশৰ চাৰিটা কৌশলগত স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এই দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক শক্তিসমূহৰ ভিতৰত স্থান দিয়া।

हिन्दुस्थान समाचार


 rajesh pande