যোৰহাটৰ অজন্তা চিনেমা হলৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
যোৰহাট, ২৮ অক্টোবৰ (হি.স.)। যোৰহাটৰ অজন্তা চিনেমা হলৰ সমীপত আজি পুৱাই সংঘটিত হই এক পথ দুৰ্ঘটনা। দূৰ্ঘটনাটোৰ ফলত এজন যুৱক নিহত হোৱা বুলি জানিব পৰা গৈছে। যুৱক জনে এএছ ০৩ এএইছ ৬৮১৯ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলেৰে নগৰৰ দিশে যোৱাৰ সময়তে সংঘটিত হয় পথ
যোৰহাটৰ অজন্তা চিনেমা হলৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত


যোৰহাট, ২৮ অক্টোবৰ (হি.স.)। যোৰহাটৰ অজন্তা চিনেমা হলৰ সমীপত আজি পুৱাই সংঘটিত হই এক পথ দুৰ্ঘটনা। দূৰ্ঘটনাটোৰ ফলত এজন যুৱক নিহত হোৱা বুলি জানিব পৰা গৈছে। যুৱক জনে এএছ ০৩ এএইছ ৬৮১৯ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলেৰে নগৰৰ দিশে যোৱাৰ সময়তে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

কোনো তীব্ৰ বেগী অচিনাক্ত বাহনে মটৰ চাইকেল খনক খুণ্ডা মাৰি দূৰ্ঘটনা সংঘটিত কৰি পলাই যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে যুৱক জনে ব্যৱহাৰ কৰা মটৰ চাইকেল খন জব্দ কৰিছে। উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে যুৱক জনৰ পৰিচয় জানিব পৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande