নগাঁৱৰ কঠিয়াতলীত সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত
নগাঁৱ, ২৮ অক্টোবৰ (হি.স.)। নগাঁৱৰ কঠিয়াতলী শৃঙ্গৰাপট্টিত সংঘটিত হই পথ দূৰ্ঘটনা ৷ অভাৰটেক কৰিবলৈ গৈ ট্ৰাকৰ চেপাত নিহত এজন বাইক আৰোহী ৷ নিহত লোকজনক কাজিৰঙা বাগৰিৰ চুৰন সিং তাৰো বুলি চিনাক্ত কৰা হৈছে ৷ দূৰ্ঘটনাটোৰ ফলত বাইকৰ আৰোহী এগৰাকী মহিলা গুৰুতৰভা
নগাঁৱৰ কঠিয়াতলীত সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত


নগাঁৱ, ২৮ অক্টোবৰ (হি.স.)। নগাঁৱৰ কঠিয়াতলী শৃঙ্গৰাপট্টিত সংঘটিত হই পথ দূৰ্ঘটনা ৷ অভাৰটেক কৰিবলৈ গৈ ট্ৰাকৰ চেপাত নিহত এজন বাইক আৰোহী ৷ নিহত লোকজনক কাজিৰঙা বাগৰিৰ চুৰন সিং তাৰো বুলি চিনাক্ত কৰা হৈছে ৷ দূৰ্ঘটনাটোৰ ফলত বাইকৰ আৰোহী এগৰাকী মহিলা গুৰুতৰভাবে আহত হয়। মহিলা গৰাকীক সংকট জনক অৱস্থাত নগাঁৱ চিকিতসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে সেই সময়ত ঘটনাস্থলীত উপস্থিত কৰ্তব্যৰত যানবাহন আৰক্ষীৰ একাংশ বিষয়াই ৷

দূৰ্ঘটনাগ্ৰস্ত বাইক নং এএছ ২১এল ৫৯৫০ নগাঁৱৰ অভিমুখে গৈ থকা অৱস্থাত শৃঙ্গৰাপট্টিত সংঘটিত হয় পথ দূৰ্ঘটনাটো ৷ নিহত বাইক আৰোহী গৰাকীৰ মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে নগাঁৱ চিকিতসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে। নগাঁৱৰ কঠিয়াতলী অঞ্চলত সঘনে দুৰ্ঘটনা সংঘটিত হোৱালৈ লক্ষ্য কৰি গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় ৰাইজে পোষকতা কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande