ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
মস্কো, ২৮ অক্টোবৰ (হি.স.)। ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতাৰ অংশ হিচাপে উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চ’ ছন হুইয়ে সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়, য’ত সাম্প্ৰতিক বিশ্বৰ ৰাজনৈতি
उत्तर काेरिया की विदेश मंत्री चाे साेन हुई रूसी राष्ट्रपति व्लादिमीर पुतिन के साथ


মস্কো, ২৮ অক্টোবৰ (হি.স.)। ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতাৰ অংশ হিচাপে উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চ’ ছন হুইয়ে সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়, য’ত সাম্প্ৰতিক বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উত্তৰ কোৰিয়াৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে ক্ৰেমলিনত পুটিনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। অৱশ্যে এই আলোচনাৰ কোনো বাস্তৱিক সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।

উল্লেখযোগ্য যে যোৱা মাহত পুটিন আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ মাজত হোৱা বৈঠকৰ পিছতে এই বৈঠক অনুষ্ঠিত হৈছে।

ইফালে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ছন ইউইয়ে ইয়াৰ পূৰ্বে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে পৃথক বৈঠকত মিলিত হৈছিল, য’ত তেওঁ ইউক্ৰেইনৰ বিৰুদ্ধে পুটিনৰ যুদ্ধৰ প্ৰতি নিজৰ দেশৰ “অটল সমৰ্থন” পুনৰ দৃঢ় কৰিছিল।

যোৱা কেইমাহমানত উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধত সহায় কৰিবলৈ হাজাৰ হাজাৰ সৈন্য আৰু বৃহৎ পৰিমাণৰ সামৰিক সঁজুলি প্ৰেৰণ কৰিছে।

এই ক্ৰমবৰ্ধমান মিত্ৰতাই উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ আত্মবিশ্বাসী বৈদেশিক নীতিক শক্তিশালী কৰিছে, যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিচ্ছিন্ন হৈ থকাতকৈ আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া শক্তিসমূহৰ বিৰুদ্ধে ৰাছিয়াৰ সৈতে এক সংযুক্ত ফ্ৰণ্ট স্থাপন কৰিব বিচাৰে।

ছেপ্টেম্বৰ মাহত চীনৰ ৰাজধানী বেইজিঙত পুটিন আৰু জং উনৰ সাক্ষাৎ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা এক বৃহৎ সামৰিক পেৰেডত অংশগ্ৰহণ কৰিছিল।

২০১৯ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত জং উনৰ “পাৰমাণৱিক কূটনীতি” বিফল হোৱাৰ পিছৰে পৰা উত্তৰ কোৰিয়াই আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ সৈতে কোনো ধৰণৰ আলোচনা এৰাই চলিছে।

ইফালে, বৰ্তমান এছিয়াৰ দেশ ভ্ৰমণ কৰি থকা আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ত কিম জং উনক পুনৰ লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande