গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাক সম্বৰ্ধনা
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। হাজো প্ৰেছ ক্লাব‌ আৰু হাজো সাংবাদিক সন্থাৰ যৌথ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান। গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাক সম্বৰ্ধনা। ফুলাম গামোচা, চেলেং চাদৰ, জাপি, শৰাই আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্
গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাক সম্বৰ্ধনা


কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। হাজো প্ৰেছ ক্লাব‌ আৰু হাজো সাংবাদিক সন্থাৰ যৌথ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান। গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাক সম্বৰ্ধনা। ফুলাম গামোচা, চেলেং চাদৰ, জাপি, শৰাই আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন।

হাজো চন্দ্ৰমা হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত হাজো প্ৰেছ ক্লাব‌ আৰু হাজো সাংবাদিক সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও হাজোৰ বিভিন্ন দল সংগঠনকে ধৰি হাজোৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে সাধাৰণ সম্পাদক গৰাকীক জনালে সম্বৰ্ধনা।

সম্বৰ্ধনা গ্ৰহণ কৰি সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই সংবাদ মাধ্য়মক অবগত কৰে যে,সংবাদ মাধ্য়মত কৰ্মৰত প্ৰতিগৰাকী সাংবাদিকৰ কল্যাণৰ হকে তেও কাম কৰিবলৈ প্ৰচে্ষ্টা কৰিব। সাংবাদিক সকলে বৰ্তমান তীব্ৰ প্ৰত্যাহ্বানৰ মাজত কাম কৰিব বাধ্য় হৈছে। সাংবাদিকৰ সুৰক্ষা দিশটো নিশ্চিত কৰিবলৈ তেও উদ্যোগ লব বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande