
নলবাৰী, ২৮ অক্টোবৰ (হি.স.)। নলবাৰী বৰভাগৰ মৌৰাত জগদ্ধাত্ৰী পূজাৰ শতবৰ্ষ মহোৎসৱ।
কালিৰে পৰা ছয় দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা মৌৰাৰ শতবৰ্ষ মহোৎসৱ।জগদ্ধাত্ৰী পূজাৰ আজি মহাসপ্তমী।আৰু মহা সপ্তমীৰ দিনা বাহিৰ কৰা হয় সমন্বয়ৰ বৰ অসম শীৰ্ষক এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। বিশিষ্ট অভিনেতা চম্পক শৰ্মাই ফিটা কাটি উদ্বোধন কৰা এই শোভাযাত্ৰাত প্ৰতিফলিত কৰা হয় অসমৰ ভিন্ন লোক সংকৃতি তথা লোকাচাৰ।সাংস্কৃতিক এই শোভাযাত্ৰাৰ মাজতে জুবিন অনুৰাগীয়ে হাতে হাতে প্লে কাৰ্ড লৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীতো সৰৱ হোৱা দেখা গ'ল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা