
নলবাৰী, ২৮ অক্টোবৰ (হি.স.)। নলবাৰী হৰিমন্দিৰৰ ৯২ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক আয়োজন, স্থাপন কৰা হব প্ৰাণৰ শিল্পীৰ ৫২ ফুটা উচ্চতাৰ মূৰ্তি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি অমৰ কৰি ৰাখিবলৈ অহা ৬ নবেম্বৰত আবেলি ৫ বজাত ৰাজহুৱা শ্ৰদ্ধাঞলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ১০ হাজাৰ শিল্পীয়ে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত একেলগে গাব মায়াবিনী গীতটো৷
ড° ভুপেন হাজৰিকাৰ শতবাৰ্ষিকী উপলক্ষে যুগজয়ী ১০০ টা গানৰ মাজেৰে শিল্পী গৰাকীৰ শতবাৰ্ষিকী উদযাপন কৰা হ’ব৷অহা ১৩ নবেম্বৰ পৰা ১৭ নবেম্বৰলৈ উক্ত অনুষ্ঠান চলি থাকিব৷ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ লগতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গৰাকীও উপস্থিত থাকিব উক্ত অনুষ্ঠানত৷ আনহাতে ৫২ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি দৰ্শনাৰ্থীৰ বাবে ৰখা হ’ব ৰাস মহোৎসৱত৷ নতুন ৰুপত দেখা যাব নলবাৰী ৰাস মহোৎসৱৰ গ্ৰন্থ মেলাও৷পাঁচখনকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ মহাৰণ দেখা যাব অহা ১০ নবেম্বৰৰ পৰা নলবাৰী ৰাস মহোৎসৱত৷
উল্লেখযোগ্য যে এইবাৰ নলবাৰী ৰাস মহোৎসৱত আমন্ত্ৰণ নকৰা থিয়েটাৰেও লাভ কৰিব পাৰে হৰিমন্দিৰ ৰাস মহোৎসৱ সমিতিয়ে ঘোষণা কৰা বঁটা৷ ইতিমধ্যে ৰাস মহোৎসৱৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল এই কথা জানিবলৈ দিছিল৷ ইপিনে প্ৰবাসী নলবৰীয়াৰ লগতে আজীৱন সভ্যৰ মাজত হৰিভকত সন্মিলনৰো আয়োজন কৰা হ’ব নলবাৰী ৰাস মহোৎসৱত৷ লগতে ৰাস মহোৎসৱত থাকিব বাৰেৰহণীয়া কাৰ্যসুচীৰ লগতে মাংগলিক কাৰ্যসুচী৷ আঘোন মাহৰ ১ তাৰিখে অৰ্থাৎ ১৮ নবেম্বৰত হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ’ব সমূহীয়া বিবাহ৷এইবাৰ ৰাস মহোৎসৱত মৃণ্ময় মূৰ্তিৰ ৬৭ টা ষ্টল থাকিব বুলিও সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ