বাক্সাৰ নিকাছিৰ ঘটনাৰ লগত জড়িত আৰু এজন লোকক গ্ৰেপ্তাৰ
বাক্সা, ২৮ অক্টোবৰ (হি.স.)। বাক্সাৰ নিকাছিত যোৱা ১৫ অক্টোবৰৰ দিনা সংঘটিত ঘটনাৰ সৈতে জডিত আৰু এজন লোকক আজি মংগলবাৰে গ্ৰেপ্তাৰ মুছলপুৰ আৰক্ষীৰ।নিকাছী বি ব্লকৰ কলবাৰী চুবুৰীৰ ভুৱন কৈৰালাক গ্ৰেপ্তাৰ । হাতত গুলী লগা ভুৱনে ব্যক্তিগত খণ্ডৰ চিকিৎস্যালয়ত চি
বাক্সাৰ নিকাছিৰ ঘটনাৰ লগত জড়িত আৰু এজন লোকক গ্ৰেপ্তাৰ


বাক্সা, ২৮ অক্টোবৰ (হি.স.)। বাক্সাৰ নিকাছিত যোৱা ১৫ অক্টোবৰৰ দিনা সংঘটিত ঘটনাৰ সৈতে জডিত আৰু এজন লোকক আজি মংগলবাৰে গ্ৰেপ্তাৰ মুছলপুৰ আৰক্ষীৰ।নিকাছী বি ব্লকৰ কলবাৰী চুবুৰীৰ ভুৱন কৈৰালাক গ্ৰেপ্তাৰ । হাতত গুলী লগা ভুৱনে ব্যক্তিগত খণ্ডৰ চিকিৎস্যালয়ত চিকিৎস্যা কৰি ঘৰলৈ উভতি অহাত হে পোহৰলৈ আহে প্ৰকৃত ৰহস্য। যোৱা কালি পোহৰলৈ অহা ভুৱনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

যুৱক জনে আৰক্ষী আৰু সাংবাদিকলৈ শিল নিক্ষেপ কৰাৰ প্ৰকৃত প্ৰমাণ পোৱাৰ পিছত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মুছলপুৰ পি এছ কেচ নং ৮৫/২০২৫ ইউ/এছ ৬১(২)/১৯১(৩)/৩২৬(৪)/১১৭(২)/১১৮(২)/১০৯(১)/১২১(১)/(২)/১৯০অৱ বি এন এছ আৰ/ডব্লিউ ছেক ২৫(১–এ) অৱ আৰ্ম একৰ ্ধাৰাত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইপিনে সিদিনা বাহন জ্বলোৱা ঘটনাৰ সৈতে যুৱক জন জড়িত থকাৰো অভিযোগ আৰক্ষীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande