
হোজাই, ২৮ অক্টোবৰ (হি.স.)। হোজাই জিলাৰ লামডিং চহৰত চোৰৰ টিঘিলঘিলনি। পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰা লোকৰ ৰূপ ধৰি সংঘটিত কৰে চুৰিকাণ্ড। লামডিঙত শেহতীয়াভাৱে পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰা যুবকে নামিছে চুৰি কাৰ্য্যত।
ৰাইজে চুৰিৰ সামগ্ৰী সহ হাতে লোতে আটক কৰিলে এজন কুখ্যাত চোৰক। জানিব পৰা অনুসৰি লামডিং অসামৰিক চিকিৎসালয়খনৰ বেটাৰী চুৰি কৰি পলায় যোৱাৰ সময়ত ৰাইজে বেটাৰী সহ আটক কৰিলে কুখ্যাত চোৰটৌক।
ধৃত চুৰটোৰ নাম পৰিতোষ লামা বুলি জানিব পৰা গৈছে। চোৰটোৰ ঘৰ বাংলা বাজাৰ। এই ঘটনাৰ খবৰ লাভ কৰি লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰটৌক আটক কৰি থানাত লৈ যা্য়। আৰক্ষীয়ে চোৰটোক অধিক তথ্যৰ বাবে জেৰা চলায় থকাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা