গোলকগঞ্জৰ বিছনদৈত লাভ জেহাদৰ ঘটনা
ধুবুৰী, ২৮ অক্টোবৰ (হি.স.)। গোলকগঞ্জৰ বিছনদৈত এগৰাকী হিন্দু বিবাহীত মহিলাক ফুচুলাই পলায় নিলে বিবাহীত এগৰাকী মুছলমান ব্যাক্তিয়ে। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈেছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে বিছনদৈ গাঁৱৰ বিবাহিত লোক নুৰ আলমে একে গাওঁৰে ব
গোলকগঞ্জৰ বিছনদৈত লাভ জেহাদৰ ঘটনা


ধুবুৰী, ২৮ অক্টোবৰ (হি.স.)। গোলকগঞ্জৰ বিছনদৈত এগৰাকী হিন্দু বিবাহীত মহিলাক ফুচুলাই পলায় নিলে বিবাহীত এগৰাকী মুছলমান ব্যাক্তিয়ে। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈেছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে বিছনদৈ গাঁৱৰ বিবাহিত লোক নুৰ আলমে একে গাওঁৰে বিবাহিত এগৰাকী হিন্দু মহিলা কল্পনা ৰায়ৰ সৈতে দীৰ্ঘদিন ধৰি পৰকীয় অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। দুয়োজনে কেৱাবাৰো পলায়ন কৰি ধৰা পৰিছিল। এনে ঘটনাত ক্ষুন্ন হৈ নুৰ আলমৰ পত্নীয়ে স্বামী গৃহ এৰি পিতৃ গৃহলৈ গুচি যায়। তথাপতো ক্ষান্ত হোৱা নাছিল নুৰ আলম, দ্বিতীয় বিবাহ কৰিহে এৰিব।

ফলত নুৰ আলম আৰু কল্পনাৰ প্ৰেম কাহিনী অধিক মধুৰ হৈ পৰে। দুয়ো ২৭ মেত আদালতৰ যোগেদি বিবাহ পাশত আবদ্ধ হৈ কল্পনা ৰায়ে নিজৰ নাম সলনি কৰি চুলতানা পাৰভিন নাম গ্ৰহন কৰে। কিন্তু একাংশ সংগঠনে লাভ জেহাদৰ বলি হোৱা কল্পনা ৰায় ওৰফে চুলতানা পাৰভিনক পূৰ্বৰ স্বামীক গতাই দিয়ে। কিন্তু আজি পুৱতি নিশা কল্পনা ওৰফে চুলতানাই স্বামী গৃহ এৰি নুৰ আলমৰ গৃহত উপস্থিত হয়। পিছত কল্পনাৰ পৰিয়ালে গোলকগঞ্জ আৰক্ষীক অৱগত কৰে। আৰক্ষী নুৰ আলমৰ গৃহত উপস্থিত হয় যদিও কল্পনাই যাৱলৈ অস্বীকাৰ কৰাত আৰক্ষীয়ে উভতি যাৱলৈ বাধ্য হয়। পিছত গোলকগঞ্জ থানাৰ অ চি নৱজিৎ ৰায়ে আৰক্ষী বাহিনী লৈ উপস্থিত হয়। ৰাইজক বুজনিৰে হিন্দু মহিলা গৰাকীক থানালৈ আনে। ইফালে প্ৰথমা পত্নী থকাৰ পিছতো নুৰ আলমে কিদৰে বহু বিবাহৰ দৰে কুপ্ৰথাত নিমজ্জিত্ হবলৈ পাৰিলে তাক লৈ আজি সচেতন মহলত চৰ্চা অব্যাহত। এইটো এটা মাত্ৰ উদাহৰণ এতিয়াও ৰাজ্যৰ বহুতো চৰঅঞ্চলত এনেদৰে নীতি নিয়ম জলাঞ্জলি দি চলি আহিছে বহু বিবাহ তথা বাল্য বিবাহ। আৰু এই অপৰাধ ৰোধৰ বাবেই এতিয়া পলমকৈ হলেও চৰকাৰ সস্বস্ত হৈ পৰিছে আৰু অহা বিধানসভাৰ শীতকালিন অধিৱেশনত আনিব বহু বিবাহ তথা বাল্য বিবাহ ৰোধ কৰাৰ বাবে এক বিল।

এতিয়া সকলোৱে সমাজত চলা এই প্ৰথা বন্ধ কৰাৰ বাবে এই বিলখনলৈ অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande