কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বাগৰীত ড্ৰাগচ জব্দ
কাজিৰঙা, ২৮ অক্টোবৰ (হি.স.)। কাজিৰঙাত আৰক্ষীৰ সফল অভিযান। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় উদ্ধাৰ কৰিছে ড্ৰাগছ। জানিব পৰা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বাগৰীত আৰক্ষীয়ে ড্ৰাগচ জব্দ কৰিছে। অভিযোগ অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ এখন
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বাগৰীত ড্ৰাগচ জব্দ


কাজিৰঙা, ২৮ অক্টোবৰ (হি.স.)। কাজিৰঙাত আৰক্ষীৰ সফল অভিযান। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় উদ্ধাৰ কৰিছে ড্ৰাগছ। জানিব পৰা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বাগৰীত আৰক্ষীয়ে ড্ৰাগচ জব্দ কৰিছে।

অভিযোগ অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ এখন হোটেলত দীৰ্ঘদিনে চলি আহিছিল ড্ৰাগছৰ ব্যৱসায়। এই অভিযোগৰ ভিত্তিত আটছা আৰু স্থানীয় ৰাইজৰ সহযোগত বাগৰী আৰক্ষী চকীৰ এটা দলে অভিযান চলায় ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে অভিযানকালত ড্ৰাগছভৰ্তি বহু কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আইছা বেগম নামৰ এগৰাকী মহিলাকো আটক কৰিবলৈ সক্ষম হৈছে।

কাজিৰঙাৰ দৰে এক পৰ্য্যটন ক্ষেত্ৰৰ আশে পাশে ড্ৰাগছৰ সৰবৰাহৰ ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে। ইফালে আৰক্ষীয়ে ধৃত মহিলাগৰাকীক অধিক তথ্যৰ বাবে সোধপোচ চলায় আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande