মঙলবাৰে পুৱতি নিশা জাগীৰোডৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, ৩ জনৰ মৃত্যু
মৰিগাঁও, ২৮ অক্টোবৰ (হি.স.)। মঙলবাৰে পুৱতি নিশা জাগীৰোডৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজনকৈ লোক। এই দুৰ্ঘটনাত নিহত হয় ডা° কণ্ঠেশ্বৰ বৰদলৈ, আশ্বীক হুছেইন আৰু মানস মহন্ত নামৰ লোককেইজন। এ এছ ০১ ই ডব্লিউ ৬৫৪৬ নম্বৰৰ ক্
মঙলবাৰে পুৱতি নিশা জাগীৰোডৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা


মঙলবাৰে পুৱতি নিশা জাগীৰোডৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা


মৰিগাঁও, ২৮ অক্টোবৰ (হি.স.)। মঙলবাৰে পুৱতি নিশা জাগীৰোডৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজনকৈ লোক। এই দুৰ্ঘটনাত নিহত হয় ডা° কণ্ঠেশ্বৰ বৰদলৈ, আশ্বীক হুছেইন আৰু মানস মহন্ত নামৰ লোককেইজন।

এ এছ ০১ ই ডব্লিউ ৬৫৪৬ নম্বৰৰ ক্ৰেটা বাহনত আছিল ৫ জন লোক। দুৰ্ঘটনাত তিনিজনৰ মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত সকলক নগাঁৱলৈ চিকিতসাৰ বাবে প্ৰেৰণ কৰা হয়।

শিলচাঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে তীব্ৰবেগী গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰি চিটিকি পৰে আৰু থিতাতে নিহত হয় লোক তিনিজনৰ।

নিহত ডা° কণ্ঠেশ্বৰ বৰদলৈ মৰিগাঁও চিভিল হস্পিতালৰ চিকিৎসক আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে নিহত লোককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande