হাজোৰ কাহিবাৰী ৰাইজৰ শ্ৰী শ্ৰীজগদ্ধাত্ৰী পূজা আৰম্ভ
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। কাহিবাৰী শ্ৰী শ্ৰীজগদ্ধাত্ৰী পূজা উদযাপন সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও কালিৰে পৰা পাচদিনীয়াকৈ কাহিবাৰীত শ্ৰী শ্ৰীজগদ্ধাত্ৰী পূজা আৰম্ভ হৈছে। মহানন্দ দাসক সভাপতি, উদ্ধৱ দাসক উপ সভাপতি, কৰুণা ডেকাক সম্পাদক, মুকুট ড
হাজোৰ কাহিবাৰী ৰাইজৰ শ্ৰী শ্ৰীজগদ্ধাত্ৰী পূজা আৰম্ভ


কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। কাহিবাৰী শ্ৰী শ্ৰীজগদ্ধাত্ৰী পূজা উদযাপন সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও কালিৰে পৰা পাচদিনীয়াকৈ কাহিবাৰীত শ্ৰী শ্ৰীজগদ্ধাত্ৰী পূজা আৰম্ভ হৈছে। মহানন্দ দাসক সভাপতি, উদ্ধৱ দাসক উপ সভাপতি, কৰুণা ডেকাক সম্পাদক, মুকুট ডেকা আৰু অনিমেষ দাসক সহ:সম্পাদক দ্বয়, পৰেশ চন্দ্ৰ দাসক কোষাধ্যক্ষ ৰূপে গঠন কৰা কাহীবাৰী শ্ৰী শ্ৰীজগদ্ধাত্ৰী পূজা উদযাপন সমিতিৰ তৎপৰতাত পূজা সুচাৰুভাৱে আৰম্ভ হৈছে।

কাৰ্য্যসূচী অনুসৰি ২৭ অক্টোবৰৰ সন্ধিয়া ৬ বজাত বিল্ব বৰণ,দেৱী বোধন, অধিবাস, আমন্ত্ৰণ, আৰু প্ৰতিমা স্থাপন কৰা হয়। পূজা উদ্ধোধন কৰে ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নগেন চন্দ্ৰ পাঠকে। ইফালে ফিতা কাটি পুজা মণ্ডপ শুভ উদ্ধোধন কৰে পৰেশ কাকতিয়ে।ইয়াৰ পিচত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতেদি পুৰোহিতৰ মন্ত্ৰোচাৰ,আয়তীৰ নাম,উৰুলিৰে মুখৰিত হৈ পৰে পূজাস্থলী। ইয়াৰ পিছত অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুৱিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু মাল্যাৰ্পন কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande