
তামুলপুৰ, ২৮ অক্টোবৰ (হি.স.)। তামুলপুৰ জিলাৰ ঔখাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সম্পূৰ্ণ দৃশ্য বন্দি চিচিটিভা কেমেৰাত। স্থানীয় সূত্রে জানিব পৰা অনুসৰি, পুৱা এখন তীব্ৰ বেগী মটৰচাইকেল আৰোহীয়ে এগৰাকী কণমানি ছাত্ৰীক (মাইচা বড়ো, বয়স প্ৰায় ৪ বছৰ) বিদ্যালয়লৈ গৈ থকা অৱস্থাত মহতিয়াই লৈ যায়।
ঘটনাটো সংঘটিত হোৱাৰ পিছত স্থানীয় লোক সকলে ঘটনাটো প্ৰত্য়ক্ষ কৰি ঘটনাস্থলীত বৃহত সংখ্য়ক ৰাইজ উপস্থিত হয়। আহত কণমানি জনীক তৎক্ষণাৎ তামুলপুৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হই যদিও পিছত ছাত্ৰী গৰাকী মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেল খনৰ সন্ধানত আৰক্ষী অনুসন্ধান তীব্ৰতৰ কৰি তুলিছে। অমায়িক ছাত্ৰী গৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ চা পৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু