গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাঙত ভয়াবহ অগ্নিকাণ্ড
শিৱসাগৰ, ২৮ অক্টোবৰ (হি.স.)। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাঙত ভয়াবহ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভষ্মীভূত এটা বাসগৃহ । চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । ইফালে এই অগ্নিকাণ্ডৰ ফ
গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাঙত ভয়াবহ অগ্নিকাণ্ড


শিৱসাগৰ, ২৮ অক্টোবৰ (হি.স.)। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাঙত ভয়াবহ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভষ্মীভূত এটা বাসগৃহ । চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

ইফালে এই অগ্নিকাণ্ডৰ ফলত মনু ৰয় নামৰ ব্যক্তিজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে ১৭ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় ।অগ্নিকাণ্ডৰ ফলত ব্যক্তিজনৰ পোহনীয়া কুকুৰটোও জুইত জাহ যায় । ইফালে ঘটনাৰ খবৰ লাভ কৰিয়ে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ বহু সময় যুজ দি এই জুই নিয়ন্ত্ৰণ কৰে যদিও জুই নিয়ন্ত্ৰণ কৰাৰ সময়লৈকে বাসগৃহটোৰ সকলো সা-সম্পত্তি জুইয়ে গ্ৰাস কৰে । দৈবক্ৰমে অগ্নি কাণ্ডটোত কোনো ব্যক্তি হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ ততপৰতাৰ বাবে এই জুই ওচৰৰ অঞ্চললৈ বিয়পি যাবলৈ সক্ষম নহল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande