ৰঙিয়াতো পৱিত্ৰ ছট পূজা উপলক্ষে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ- উদ্দীপনা
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো পৱিত্ৰ ছট পূজা উপলক্ষে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ- উদ্দীপনা। ৰঙিয়াৰ বৰলীয়া নৈৰ পূজাৰ ঘাটত ৰঙিয়া আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ অগনন ভক্তই ভীৰ কৰা পৰিলক্ষিত হয়। সূৰ্য আৰু ছট দে
ৰঙিয়াতো পৱিত্ৰ ছট পূজা উপলক্ষে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ- উদ্দীপনা


কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো পৱিত্ৰ ছট পূজা উপলক্ষে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ- উদ্দীপনা। ৰঙিয়াৰ বৰলীয়া নৈৰ পূজাৰ ঘাটত ৰঙিয়া আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ অগনন ভক্তই ভীৰ কৰা পৰিলক্ষিত হয়। সূৰ্য আৰু ছট দেৱীক পূজা কৰিলে ভক্তগণে । নৈৰ পাৰত সজাই পৰাই তোলা পূজা ঘাটত নৈত নামি সূৰ্য দেৱতাক আৰাধনা কৰা দেখা হ'ল ।

পুৱতি নিশাৰ পৰাই এনেদৰে ভক্তই পানীত নামি সূৰ্য দেৱতাক আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰে নৈৰ ঘাটত । পুৱাই পূজা চাবলৈ আহে ভক্তপ্ৰাণ ৰাইজ ।

আনহাতে ছট পূজা উপলক্ষে ৰঙিয়াত বিভিন্ন সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। অৱশ্য়ে অসমীয়াৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্য়ুৰ বাবে এইবাৰ ছট পুজা অনুষ্ঠুপিয়াকৈ পালন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande