
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। শুৱালকুছিত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান । বেদখল কৰা চৰকাৰী গ্ৰেজিং ৰিৰ্জাভত উচ্ছেদ কামৰূপ জিলা প্ৰশাসনৰ।
দীৰ্ঘদিন ধৰি জলাশয় আৰু গ্ৰেজিং ৰিৰ্জাভ বেদখল কৰি আহিছিল একাংশ লোকে । অভিযোগ অনুসৰি হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শুৱালকুছি উন্নয়ন খণ্ডৰ নিচেই কাষতে থকা। ১৪০১ নম্বৰ চৰকাৰী দাগত মুঠ ৬ বিঘা চৰকাৰী ভূমি বেদখলৰ অভিযোগ। অভিযোগ উত্থাপনৰ পিছত ৬ বিঘা ভূমিৰ ২ বিঘা ভূমি প্ৰশাসনে উচ্চেদ অভিযান চালাই যদিও ৰহস্যজনক ভাবে বাকী চৰকাৰী ভূমিত উচ্ছেদ কৰা পৰিলেক্ষিত ন’হল বুলি অভিযোগ স্থানীয় একাংশ ৰাইজৰ নাম মাত্ৰ উচ্ছেদ কৰিয়েই দায়িত্ব সামৰাৰ শুৱালকুছিৰ স্থানীয় সচেতন যুৱকৰ।
ইফালে বেদখলকাৰীৰ বিৰুদ্ধে অনাগত সময়তো প্ৰশাসনৰ অনূৰূপ অভিযান অব্যাহত থাকিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা